পাব-জি খেলি থাকোতে ৰেলৰ ইঞ্জিনৰ খুন্দাত নলবাৰীৰ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু

পাব-জি খেলি থাকোতে ৰেলৰ ইঞ্জিনৰ খুন্দাত নলবাৰীৰ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যু*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৫ আগষ্ট*

নলবাৰী জিলাৰ অন্তৰ্গত ৰতনপুৰ(বৰছেনীকুঁছি) গাঁৱৰ কমলা ৰাজবংশী আৰু ৰানু ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ ১৫ বছৰীয়া জ্যোতিৰ্ময় ৰাজবংশীয়ে সোমবাৰে সন্ধিয়া ৭-৪৫ বজাত ৰেলৰ ইঞ্জিনৰ খুন্দাত কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় । ঘগ্ৰাপাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্তীৰ্ণ হোৱা জ্যোতিৰ্ময়ে অইন দিনাৰ দৰে কালিও সন্ধিয়া ৰেল-লাইনৰ ওপৰত বহি পাব-জি খেলাত ব্যস্ত হৈ আছিল । ঠিক সেইসময়তে পশ্চিম দিশৰ পৰা অহা ট্ৰেইনৰ ইঞ্জিন এটাই খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয় । নিজ ঘৰৰ নাতি-দূৰত থকা ৰেল-লাইনত এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত পূব নলবাৰীৰ বৃহৎ অঞ্চলটোত শোকৰ ছাঁ পৰে । অল্পভাষী, নম্ৰ, ভদ্ৰ ল'ৰাজনে নিতৌ দৌৰাৰ অনুশীলনো কৰি আছিল ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা