সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল৷ যুৱ নেতা প্ৰৱীণ বৈশ্যৰ সন্থাৰ পৰা স্বঅব্যাহতি৷




ষ্টাফৰিপৰ্টাৰ, আগষ্ট ২৬:  আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ এখন গুৰুত্বপূৰ্ণ  সংবাদমেলত কেইটামান স্পৰ্শকাতৰ বিষয়ক সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰা হয়৷প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰীয় দূৰদৰ্শন চেনেলত সতী ৰাধিকাক বিকৃতভাৱে
উপস্থাপন,অনুসূচিত জাতিৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী সকলক শিক্ষানুষ্ঠানত নামভৰ্তিৰ সময়ত মেৰিট লিষ্টৰ পৰিৱৰ্তে সংৰক্ষিত আসনত অন্তৰ্ভূক্ত কৰা,ভাৰতীয় সংবিধান আৰু আইনত যাৱতীয় নিৰ্দেশনা থকা সত্ত্বেও বহুতেই অনুসূচিত জাতিৰ ৰাইজৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহ তথা আইন ভংগ কৰা,অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলে চলিত শিক্ষাবৰ্ষত নিয়মীয়া জলপানি লাভ নকৰা,অনুসূচিত জাতিৰ ৰাইজৰ সামগ্ৰীক কল্যাণৰ হকে থকা ভিন্ন আঁচনিৰ ৰূপায়ণত সংঘটিত বিভিন্ন দুৰ্নীতি আদি বিষয় কেইটা এই সংবাদমেলতে সন্থাৰ সদ্যসকলে পুনৰবাৰ উনুকিয়াই এই ক্ষেত্ৰত চৰকাৰৰ যথাযোগ্য সহযোগৰ আশা কৰে৷ইয়াৰ লগতে এই সভাতে ২০১১ চনতে  সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ছিপাঝাৰত অনুষ্ঠিত হোৱা সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় সভাপতিৰূপে নিৰ্বাচিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰৱীণ বৈশ্যই সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত হোৱা আলোচনামৰ্মে  আনুষ্ঠানিকভাৱে সন্থাৰ পৰা অব্যাহতি লৈ নতুন কমিটিক দায়িত্ব অৰ্পণ কৰে৷এই নতুন কমিটিত শিৱসাগৰৰ দুদুমণি দাসক সন্থাৰ কেন্দ্ৰীয় সভাপতি আৰু কামৰূপ (গ্ৰাম্য) জিলাৰ দিব্যজ্যোতি বৈশ্যক কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰ হয়৷
     অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমগ্ৰ অসমৰ জিলা আৰু আঞ্চলিক কমিটিৰ বহু বিষয়ববীয়া আৰু সদস্য উপস্থিত  থকা আজিৰ সংবাদ মেলখনত সন্থাৰ বিভিন্ন কৰ্মৰো এক চমু খতিয়ান দাঙি ধৰা হয়৷
  লগতে অনুসূচিত জাতিৰ লোকসকলক মাজে সময়ে এচাম লোকে আইন অৱমাননা কৰি সমাজত হেয় প্ৰতিপন্ন কৰা বিষয়টোক লৈয়ো  সন্থাৰ সদস্য সকলে ক্ষোভ প্ৰকাশ কৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা