নলবাৰীৰ চামতা কৃষি উন্নয়ন চক্ৰত বিনামূলীয়া কঠীয়া বিতৰণ-কৃষিৰ আঁচনিসমূহ কৃষকক গ্ৰহণ কৰিবলৈ আহ্বান কৃষি চক্ৰ উন্নয়ন বিষয়াৰ*

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ আগষ্ট*

কৃষিয়ে দেশৰ অৰ্থনীতিৰ মূল বুনিয়াদ । আজি দেশৰ নিবনুৱা যুৱচামে কৃষিকাৰ্যত মনোনিবেশ কৰিলে যথেষ্ট উন্নতি সাধিব পাৰিব ৷ ইতিমধ্যে নলবাৰী জিলাখনৰ বহুকেইগৰাকী শিক্ষিত যুৱকৃষকে কৃষিত মনোনিবেশ কৰি যথেষ্ট উন্নতি সাধিছে । আনহাতে চৰকাৰে আজি কৃষিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কৃষিৰ উৎপাদন বৃদ্ধি তথা যুৱচামক কৃষিৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষ্যৰে বিভিন্ন ন-ন অভিলাসী আঁচনি মুকলি কৰি আহিছে । আমি সকলোৱে এনে আঁচনিসমূহ গ্ৰহণ কৰো আহক- এয়া নলবাৰী জিলাৰ কৃষিপ্ৰধান গামাৰিমুৰি গাঁৱৰ কৃষকৰ মাজত উন্নতমানৰ ৰঞ্জিত চাব-১ কঠীয়া বিতৰণ কৰি বিতৰণী আৰু সজাগতা সভাত চামতা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অন্তৰা কাকতিয়ে ভাষণত এনেদৰে কয় মঙ্গলবাৰে । ৩৬নং পূৱ ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত গামাৰিমুৰীৰ শৰৎ ভড়ালী হাইস্কুলৰ চৌহদত অনুষ্ঠিত কঠীয়া বিতৰণ আৰু কৃষি সজাগতা সভাত ৩৫ নং পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি সুভাস বৰ্মন, সদস্য অৰূপ বৰ্মন, গাঁওবুঢ়া অনন্ত বৰ্মন, কৃষি সম্প্ৰসাৰণ কৰ্মী দিগন্ত ৰাজবংশী আদিয়ে অংশগ্ৰহণ কৰি ভাষণ দিয়ে  ।উল্লেখ্য যে নলবাৰী জিলা কৃষি বিভাগৰ জড়িয়তে পশ্চিম নলবাৰীৰ কেইবাখনো কঠীয়াতলীত কৃষক গোটৰ জড়িয়তে কেইবাহেক্টৰ মাটিত সম্পূৰ্ণ বিভাগীয় খৰছৰে কঠীয়া সিঁচি এতিয়া সেই কঠীয়া কৃষক ৰাইজৰ মাজত বীনামূলীয়াকৈ বিতৰণ কৰি আহিছে । ক'মিনিটি নাৰ্চাৰীৰ জড়িয়তে চামতা কৃষি চক্ৰৰ অধীনত গামাৰিমুৰীতো  কেইবাহেক্টৰ মাটিত সিঁচা কঠীয়া আজি এনেদৰে বিতৰণ কৰাত কৃষকৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা