গোলাঘাটৰ বৰপথাৰত আবতৰীয়া বিহু, লাভলীনাই পালে অৰ্জুন

ভাৰত চৰকাৰৰ সন্মানীয় অৰ্জুন বঁটাৰে বিভূষিত গোলাঘাটৰ লাভলীনা বৰগোঁহাই ; আবতৰীয়া বিহু মাৰি আনন্দ প্ৰকাশ বৰপথাৰ বাসীৰ :---গোলাঘাট,২২ আগষ্ট :---গোলাঘাট বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে দেশৰ  সৰ্বোচ্চ ক্ৰীড়া  সন্মান অৰ্জুন বঁটাৰে গৌৰৱ কঢ়িয়াই আনিলে অসম তথা  গোলাঘাটলৈ। অলিম্পিক খেলৰ যোগ্যতা অৰ্জন কৰা  অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লাভলীনাই ক্ৰীড়া জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছে। এই খবৰ বিয়পি পৰাৰ  লগে লগে  সমগ্ৰ ৰাজ্য খনৰ লগতে গোলাঘাটৰ বৰপথাৰতো এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে । আনন্দত আত্মহাৰা হৈ বৰপথাৰবাসীয়ে  আবতৰীয়া বিহু মাৰি আনন্দ প্ৰকাশ কৰা দেখা গ'ল।  অসমৰ ষষ্ঠগৰাকী অৰ্জুন বঁটা বিজয়ীৰ গৌৰৱেৰে গৌৰাম্বিত লাভলীনাৰ  এই খবৰে  পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনী বৰগোঁহাইকো উৎফুল্লিত কৰি তুলিছে। যিক্ষেত্ৰত এই বঁটাই  লাভলীনাৰ অলিম্পিক ত পদক জয়ৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাব বুলি উল্লেখ কৰে পিতৃ -মাতৃদ্বয়ে।  কৰ'না ৰ বাবে সুদীৰ্ঘ পাঁচ মাহ সময় নিজা বাসগৃহতে অনুশীলন কৰি থকা লাভলীনাৰ এই সাফল্যত অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল ডাঙৰীয়া ই আন্তৰিক  শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম এমেচাৰ বক্সিং এচ'ছিয়েশ্যন তথা  গোলাঘাট  এচছিয়েশ্যনেও অভিনন্দন জ্ঞাপন কৰিছে।  এতিয়া গোলাঘাটবাসীৰ আশা যে, যুৱ প্ৰজন্মৰ বাবে  আদৰ্শ হৈ পৰা লাভলীনাই আগন্তুক টকিঅ' অলিম্পিক ত  পদক জয়ৰে দেশক নিশ্চয়কৈ গৌৰাম্বিত কৰিব ‌।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা