বাৰঘৰীয়া বাৰগোপাল থানৰ প্ৰণামীৰ ধন লৈ উধাও চোৰ

*নলবাৰীৰ ঐতিহ্যমণ্ডিত বাৰঘৰীয়া বাৰগোপাল থানত চুৰি কাৰ্য*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৪ আগষ্ট*

যোৱাকালি নিশা কোনো অজ্ঞাতকাৰী দূস্কৃতিকাৰীয়ে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোৱাৰকুঁছি গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত বাৰঘৰীয়া বাৰগোপাল থানৰ মূল প্ৰণামী বাকচ ভাঙি টকা পইচাকে আদি কৰি সোন-ৰূপৰ আাঙঠি চোৰে চুৰি কৰি লৈ যায় । আজি পুৱা দেউৰী প্ৰতাপ দাসে মন্দিৰত বন্তি জ্বলাবলৈ গৈ প্ৰণামীৰ বাকচ ভাঙি থকাতো প্ৰত্যক্ষ কৰে । লগে লগে দেউৰী দাসে উক্ত ঘটনাটো মন্দিৰ পৰিচালনা সমিতিক অৱগত কৰে । পৰিচালনা সমিতিৰ অনুৰোধমৰ্মে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী  ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । স্থানীয় ৰাইজে চুৰি কাৰ্যৰ লগত জড়িত আটাইকে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী বিষয়াগৰাকীক আহ্বান জনায় । উল্লেখ্য যে বিগত সময়ত উক্ত থানত চুৰি কাৰ্য সংঘটিত হৈছিল যদিও চোৰে নিজেই আহি থানত শৰণাপন্ন হ'বলৈ বাধ্য হোৱা খবৰো সমাজত বিদ্যমান ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা