কুজিদাঁহ-জামুগুৰিত দুটাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ আগষ্টঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ জামুগুৰি-কুজিদাঁহ গাওঁ পঞ্চায়তত শুকুৰবাৰে বিধায়িকা আঙুৰলতা ডেকাই দুটাকৈ পথৰ আধাৰশিলা স্থাপনৰ বিপৰীতে এটা সামূহিক ভৱন উদ্বোধন কৰাৰ লগতে কেইবাটাও নামঘৰত বিধায়ক উন্নয়ন পুঁজিৰ অনুদান চেক বিতৰন কৰে ৷ সেই অনুসৰি পুৱা দহ বজাত গড়কাপ্তানি (পথ) বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ স্বশিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৩নং ৰাজ্যিক পথৰ পৰা জামুগুৰি সংযোগী আৰু কুজিদাঁহ-হাতীচোং মহাবিদ্যালয় সংযোগী পথ দুটাৰ আধাৰশিলা স্থাপন কৰাৰ পাছত চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত পুঁজিৰে নিৰ্মিত কুজিদাঁহ শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদৰ সামুহিক ভৱনটি শুভ উদ্বোধন কৰে ৷ তদুপৰি উক্ত পঞ্চায়তৰ দহটাকৈ নামঘৰত উন্নয়ণমূলক কামৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে বিধায়িকাগৰাকীয়ে ৷  এই আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়িকা গৰাকীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰ জোটৰ চৰকাৰখনে অসমৰ ৰাইজৰ বাবে কৰি অহা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেই বিষয়ে উপস্থিত ৰাইজৰ সন্মুখত ব্যক্ত কৰে ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানি(পথ) বিভাগৰ সহকাৰী অভিযন্তা হিমাংশু দাস, কনিষ্ঠ অভিযন্তা অসীম কুমাৰ নাথ, দলংঘাট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালী, জামুগুৰি-কুজিদাঁহ গাঁও পঞ্চায়তৰ সভাপতি কৌস্তুভ কুমাৰ বৰা, কাউন্সিলৰ ভদ্ৰ বৰা, জামুগুৰি-কুজিদাঁহ মণ্ডল বিজেপিৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা