সহপাঠীৰ সৈতে নদীত গা'ধুবলৈ মৃত্যুক সাৱটিলে নাজিৰাৰ প্ৰতিভাবান ক্ৰিকেটাৰ আফ্ৰিডী আলিয়ে

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা ১৭আগষ্টঃ
কালি বিয়লি গেলেকী হাতিপটীত সহপাঠীৰ সৈতে গা'ধুবলৈ গৈ আফ্ৰিডী আলি নামৰ নাজিৰা জিলা ক্ৰীড়া সন্থা আৰু নাজিৰা ক্ৰিকেট একাডেমীৰ প্ৰতিভাবান ক্ৰিকেটাৰ এজনে বাঢ়নী পানীত ডুব গৈ মৃত্যুক আকোৱালি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে গেলেকী আৰক্ষী য়ে দুজনক আটক কৰিছে যদিও বাকীকেইজন পলাতক অৱস্হাত আছে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে গেলেকী ন-আলিৰ নিবাসী তথা বালিঘাটস্হিত নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা নাজিৰা জিলা ক্ৰীড়া সন্থা আৰু নাজিৰা ক্ৰিকেট একাডেমীৰ প্ৰতিভাবান খেলুৱৈ আফ্ৰিডী আলিয়ে দহজন সহপাঠীৰ সৈতে কালি বিয়লি প্ৰায় ১-৩০বজাত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত হাতিপটীত নামদাং নদীত গা'ধুবলৈ যায়।নদীত গা'ধুবলৈ নমাৰ সময়তে সাঁতুৰিব নজনা আফ্ৰিডী আলিয়ে হঠাৎ নদীখনৰ বাঢ়নি পানীত ডুব যায়।লগে লগে কেইবাজনো সহপাঠী নদীত জাঁপ দি প্ৰায় ১০মিনিট পাছত আফ্ৰিডীক উদ্ধাৰ কৰে যদিও ইতিমধ্যে প্ৰতিভাবান ক্ৰিকেটাৰজনে মৃত্যুক সাৱটি লয়।ইয়াৰ পাছত স্হানীয় ৰাইজে গেলেকী আৰক্ষী ক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ চমজি লোৱাৰ লগতে 
আৰক্ষীয়ে মূতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।নাজিৰা জিলা ক্ৰীড়া সন্থা আৰু নাজিৰা ক্ৰিকেট একাডেমীৰ হৈ আন্তঃবিদ্যালয় ক্ৰিকেট খেলি সুনাম অৰ্জন কৰা প্ৰতিভাবান ক্ৰিকেটাৰজনৰ অকাল মৃত্যুত জিলা ক্ৰীড়া সন্থা আৰু নাজিৰা ক্ৰিকেট একাডেমীয়ে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰতিভাবান ক্ৰিকেটাৰ জনৰ মৃত্যুত গেলেকীৰ লগতে নাজিৰাতো শোকৰ ছাঁ পৰে । অন্যহাতে এই খবৰ পাই নাজিৰাৰ মুইনুৰ ৰহমান আৰু নমাটিৰ ইমটিয়াজ আহমেদ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃতদেহ মৰোনোত্তৰ পৰীক্ষা কৰিবলৈ যাওঁতে জয়সাগৰত হোৱা এক পথ দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় আৰু দুয়ো জনকে উন্নত চিকিৎসাৰ বাবে  ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা