বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ নুৰ মহম্মদ নামৰ ছাত্ৰগৰাকীৰ সংগ্ৰাম- টেট উত্তীৰ্ণ হৈয়ো নাপালে চাকৰি

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১১ আগষ্ট*

মেধাৰ আগত সদায় দৰিদ্ৰতাই হাৰ মানি আহিছে । তেনেদৰেই দ্ৰৰিদ্ৰতাক নেওঁচি আগবাঢ়িছে এজন মেধা যুৱক । নলবাৰীৰ বাসিন্দা এইগৰাকী উচ্চশিক্ষিত যুৱক হৈছে নুৰ মহম্মদ । বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ এইগৰাকী ছাত্ৰৰ সংগ্ৰাম ৷ খেতিত ব্যস্ত নুৰ মহম্মদে তিনি বছৰ বয়সতেই হেৰুৱাইছিল পিতৃক । তাৰ পিচতেই আৰম্ভ হৈছিল নুৰৰ সংগ্ৰাম ৷ পঢ়াৰ ক্ষেত্ৰত যেন হাৰ মানিলে দ্ৰৰিদ্ৰতাই । নলবাৰীৰ ধমধমাৰ নুৰে মাছৰ ব্যৱসায় কৰাৰ লগতে কেৰাচিন তেল, পেট্ৰ'ল আদিৰ ব্যৱসায় কৰি উলিয়াইছিল নিজৰ পঢ়াৰ খৰছ । আৰবী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা নুৰে ইতিমধ্যে পিএইচডিৰ বাবে নিজৰ থেছিছ দখল কৰিছে ।সাংবাদিকক ধন্যবাদ নুৰ মহম্মদৰ ৷ কিন্তু উচ্চ মেধাসম্পন্ন এইগৰাকী শিক্ষিত যুৱকৰ বাবে আজিলৈ সুদৃষ্টি নপৰিল চৰকাৰৰ ৷ টেট উত্তীৰ্ণ নুৰে আজিলৈ নাপালে চৰকাৰী নিযুক্তি । ৰঙা ফিটাৰ মেৰপেছত আৱদ্ধ হৈ ৰ'ল নুৰৰ চৰকাৰী নিযুক্তি । তথাপিও হাৰ নমনা নুৰে চলাই গৈছে জীৱন সংগ্ৰাম । শিক্ষাৰ মাদকতা আৰু মূল্যবোধক স্বীকৃতি দি নিজৰ লগতে নুৰে চলাই গৈছে নিজৰ জীৱন ৷ শিক্ষা জীৱনৰ সংগ্ৰাম, বাধা নমনা নুৰ মহম্মদ এতিয়া পুৱা বাতৰি কাকত বিতৰণ কৰি এখন দোকানেৰে কৰিছে ব্যৱসায় । ইফালে অতি দ্ৰৰিদ্ৰ পৰিয়ালটোৱে পোৱা নাই আজিলৈকে কোনো চৰকাৰী ঘৰ বা অনাময় আঁচনিৰ সুবিধা । সঁচা অৰ্থত ক'বলৈ হ'লে চৰকাৰী সহায় অবিহনে দ্ৰৰিদ্ৰতাক একাষৰীয়া কৰি নিজৰ পথত দৃঢ়তাৰে আগবাঢ়িছে নুৰে । এইদৰেই চলাই গৈছে জীৱন সংগ্ৰাম ৷ এই সময়ত উচ্চ শিক্ষিত নিবনুৱাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও নুৰৰ ক্ষেত্ৰত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ নুৰৰ আশা নিজৰ প্ৰতিভা আৰু গুণৰ ফলত জীৱনত এদিন সফলতাৰ শিখৰত নিজেই উপনীত হ'ব ৷ দৃঢ়বিশ্বাসী নুৰৰ আত্মবিশ্বাসৰ বল নিশ্চয়কৈ শলাগিবলগীয়া ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা