শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন দুটা বাঘ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন দুটা বাঘ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ। 

পঙ্কজ নাথ, চাংসাৰি , ২৭ আগষ্ট :

কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ শক্তিপীঠ শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় । ইয়াতে ৠষি মাৰ্কণ্ডেয়ই  সিদ্ধি লাভ কৰি মাৰ্কণ্ডেয় পুৰাণ লিখিছিল বুলি প্ৰবাদ আছে। এই দেৱালয় মূল প্ৰৱেশদ্বাৰত দেৱীৰ বাহন নিৰ্মাণৰ বহুদিন পৰিকল্পনাই আজি গতি লাভ কৰে। বিশ্ব হিন্দু পৰিষদ আমিনগাঁও উত্তৰ গুৱাহাটী প্ৰখণ্ডৰ মঠ মন্দিৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে 

শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ মূল প্ৰৱেশদ্বাৰৰ দুয়ো কাষে দেৱীৰ বাহন নিৰ্মাণ  কাৰ্যৰ শুভাৰম্ভ কৰা হয় ।  উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী যুৱ ব্যৱসায়ী তথা বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সম্পাদক জ্যোতিপ্ৰসাদ তামুলীয়ে দেৱালয় পৰিচালনা সমিতিৰ অনুৰোধ মৰ্মে  শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় মূলদ্বাৰত দেৱীৰ বাহন বাঘ দুটা নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। এই উপলক্ষে আজি পূৱা বৈদিক পদ্ধতিৰে পূজা অৰ্চনা কৰি কামৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত
শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্য্যকৰী সভাপতি অনিল দাস,উপ-সভাপতি ইন্দ্ৰজিৎ বৰ্মন ৰ লগতে সমিতিৰ সৰহসংখ্যক বিষয় ববীয়া,পুৰোহিত যজ্ঞেশ্বৰ শৰ্মাৰ লগতে স্থানীয় ৰাইজ
উপস্থিত থাকে। দেৱীৰ বাহন বাঘ দুটা নিৰ্মাণ কৰোঁতে এক লাখ টকাৰ অধিক ব্যয় হব বুলি দেৱালয় পৰিচালনা সমিতিৰ অনিল দাসে জানিবলৈ দিছে। এই সমষ্ট নিৰ্মাণৰ ব্যয় জ্যোতি প্ৰসাদ তামুলীয়ে বহন কৰিছে। আজি বহুবছৰ পূৰ্বে মূল প্ৰৱেশদ্বাৰ বনোৱা সময়তে এই বাহন দুটা বনোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল যদিও অৰ্থৰ অভাৱত হৈ উঠা নাছিল। দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা জ্যোতিপ্ৰসাদ তামুলীয়ে এই মহান কাৰ্যত শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা