ডুমডুমীয়া বালিসত্ৰ বজাৰত অবৈধ পকী ঘৰ আৰু ভেটি নিৰ্মাণ≈≈মহলদাৰ-বজাৰ পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে উপায়ুক্তক অভিযোগ দাখিল

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ আগষ্টঃ নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ এলেকাধীন ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰত গলিয়ে গলিয়ে অবৈধ পকী ঘৰ নিৰ্মাণ কৰাৰ লগতে অবৈধভাবে নিৰ্মাণ কৰা একো একোটা পকী ঘৰ লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যাক কেন্দ্র কৰি এতিয়া বৃহত্তৰ ধিং আৰু ডুমডুমীয়াৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, জিলাখনৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তর্গত ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰৰ মহলদাৰ এমৰান হুছেইন লস্কৰ আৰু বজাৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিজেপিৰ কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক ৰাতুল নায়কৰ লগতে পৰিচালনা সমিতিৰ একাংশ স্বাৰ্থলোভী ব্যক্তিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ খিয়াল-খুচি মতে বজাৰখনৰ গলিয়ে গলিয়ে পকী ঘৰ আৰু ভেটি নিৰ্মাণ কৰি লাখ লাখ টকাৰ বিনিময়ত ভেটি বিক্ৰীৰ কাম আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালকৈ দোকানৰ ভেটি ক্ৰয় কৰা সকলেও চৰকাৰৰ বিনা অনুমতিত অবৈধভাবে পকী ঘৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । কিন্তু লকডাউন চলি থকাৰ সময়তে বজাৰ পৰিচালনা সমিতিৰ দায়িত্বত থকা ব্যক্তি সকলে এনেদৰে বজাৰৰ ভেটি বিক্ৰী কৰা কাৰ্যই  সচেতন মহলক চিন্তিত কৰি তুলিছে । জানিব পৰা মতে, লকডাউনৰ মাজতেই ইতিমধ্যে প্ৰায় ১২ টাকৈ ভেটি কেইবালাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছে অসাধু চক্ৰটোয়ে । ইফালে, এনে দুৰ্নীতি আৰু অনিয়ম তথা কেলেংকাৰী সন্দৰ্ভত অসাধু চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে স্থানীয় বহুকেইজন সচেতন নাগৰিকে নগাঁও জিলা উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, আৰু ধিং ৰাজহ চক্রৰ চক্র বিষয়াক লিখিতভাবে পৃথকে পৃথকে ৰাজহুৱা অভিযোগ দাখিল কৰিছে ৷ সেয়ে বজাৰৰ ভেটি বিক্ৰী সন্দৰ্ভত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা