দৰিকা , ডিমৌ নদী বাঢ়নী পানীত থানবান কৃষকৰ সপোনঃ

দৰিকা , ডিমৌ নদী বাঢ়নী পানীত থানবান কৃষকৰ সপোনঃ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,১৬ আগষ্টঃ কৰ'না সংহাৰী ৰূপ লোৱাৰ সময়তে পুনৰ দৰিকা , ডিমৌ নদী ফেনে-ফোটাকাৰে বাঢ়ি  প্ৰায় ৩০-৩৫ খন গাৱৰ খেতি পথাৰ বৃস্তৰ ক্ষতি সাধন কৰিলে | গাঁওসমূহৰ কৃষিভূমি শেষতীয়া বানে তহিলিং প্ৰতিযোগিত নামি পৰাত কৃষকৰ সেউজীয়া ৰঙীন সপোনবোৰ চূৰমাৰ হৈ পৰিছে । উল্লেখ্য যে কৰ'না ভাইৰাছৰ আতংকৰ মাজতে দুমাহ দিন ধৰি দৰিকা নদী বাঢ়নী পানী ওফন্দি উঠি ঘৰ-দুৱাৰ,ধন জন সা-সম্পত্তি অনিষ্ট সাধন কৰিছিল । বিশেষকৈ অভিশপ্ত নদীখনে হাজাৰ হাজাৰ বিঘা সঁজাল ধৰা ৰোৱাতী মাটি আৰু   কঠিয়াতলী ডুব যোৱাৰ ফলত কৃষকৰ পানী হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল। শিৱসাগৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত কোঁৱৰপুৰ মৌজাৰ সমীপৰ লিগিৰিবাৰী,মাজৰবাৰী,আলিছিগা বলমা গাঁও,ডিমৌমুখ,চেঁচা সত্ৰ,ৰিৰিয়া,বাগলহাবি,মথাদাঙ,পাণবেচা,বানমুখ, ডিমৌৰ বাহনী পানীয়ে শলগুৰি মৌজাৰ গায়ন গাওঁ , হোলাপাৰ গায়ন , দেউলীয়া গায়ন , মগৰাহাট চাংমাই , পাভজান গাওঁ , আইলা হাবী কেৰিমেৰি গড় ইত্যাদি গাঁওসমূহৰ  কৃষকসকলৰ হাজাৰ হাজাৰ বিঘা সঁজাল ধৰা ৰোৱা,বাওতলী আৰু  কঠিয়াতলী প্ৰলয়ংকাৰী বানে বুৰাই পেলোৱাৰ লগতে ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সম্পত্তি বিস্তৰ ক্ষতিসাধন হোৱাত   কৃষকৰ মূৰত ৰামটাঙোন মৰাত দৰিদ্ৰ কৃষকসকল অসহায় হৈ পৰিছিল।চলিত বৰ্ষত দৰিকা আৰু ডিমৌ নদী তিনিটাকৈ বানে  কঠিয়াতলী আৰু ৰোৱতী  কৃষিভূমিসমূহ বুৰাই পেলোৱাত সম্পূৰ্ণভাৱে নষ্ট হোৱাৰ ফলত অনুপযোগী হৈ পৰিছিল।পানী শুকোৱাত পুনৰ ন উদ্যমৰে কৃষকসকলে  কৃষি বিভাগ প্ৰদান কৰা কঠিয়া আৰু বানত ৰক্ষা পৰা অৱশিষ্ট কঠিয়াখিনি  জৰিয়তে কৃষিভূমিত আত্মনিয়োগ কৰি ভূঁই ৰোপন কৰিছিল।কিন্তু যোৱা দুদিন ধৰি পুনৰ দৰিকা নদী জলস্তৰ তীব্ৰ গতিত বাঢ়ি শ শ বিঘা কৃষিভূমি পানী সোমোৱাত কৃষকৰ বিলাই বিপত্তি নোহোৱা  হৈছে।কৃষিখণ্ডৰ জৰিয়তে নিজৰ   আৰ্থিক দিশটো টনকিয়াল কৰা উল্লিখিত গাঁওসমূহৰ কৃষকৰ চলিত বৰ্ষৰ  বানপানীয়ে আৰ্থিক দিশটো শোচনীয় কৰি পেলাইছে।কিয়নো সুদীৰ্ঘ ৩০ টা বছৰত প্ৰথমবাৰৰ বাবে উক্ত অঞ্চলসমূহত চাৰিটাকৈ বানে কৃষকৰ শস্যভূমি অনিষ্ট সাধন কৰিছে।ইয়াৰ ফলত উক্ত অঞ্চলসমূহত খাদ্য সংকটৰ লগতে দুৰ্ভিক্ষ জীৱন-যাপন কৰাতো ধুৰূপ হৈ পৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে নিবনুৱা সমস্যা ভয়াৱহ ৰূপ ধাৰন কৰিব।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments