ডিজিটেল যোগাযোগ আৰু নৈতিকতা বিষয়ত পিতৃ-মাতৃৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী





ষ্টাফৰিপ'ৰ্টাৰ,,,,২০ আগষ্ট।।।।
কামৰূপ জিলাৰ সমগ্র শিক্ষা অভিযানে ভাৰতী এণ্টাৰপ্ৰাইজৰ জনকল্যাণ মূলক অনুষ্ঠান ভাৰতী ফাউণ্ডেশ্যনৰ সহযোগত ডিজিটেল যোগাযোগ আৰু নৈতিকতা বিষয়ত এটা ব্যাপক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ভাৰতী ফাউণ্ডেশ্যনে সত্য ভাৰতী পিতৃ -মাতৃৰ গৃহ পৰামৰ্শ কাৰ্যসূচীত পিতৃ-মাতৃ সকলক জড়িত কৰাত নিজৰ দক্ষতা আৰু অভিজ্ঞতা কামত লগাই সহযোগ কৰি আছে। এনে ধৰণৰ প্ৰকল্প প্ৰথম বাৰৰ বাবে সমগ্র শিক্ষা কামৰূপে ভাৰতী ফাউণ্ডেশ্যনৰ সহযোগত পিতৃ-মাতৃলৈ আগবঢ়াইছে। এই কাৰ্যসূচীৰ অধীনত, ৯টা শিক্ষাখণ্ডৰ ১৫৯ জন সমল ব্যক্তি আৰু সমল কেন্দ্ৰ সহযোগীৰ জৰিয়তে ৫৫৭০ গৰাকী শিক্ষকক প্ৰশিক্ষণ দিব আৰু তেওঁলোকে জিলাখনৰ ১.৫ লাখতকৈ পিতৃ-মাতৃক লৈ বিভিন্ন সচেতনমূলক কাৰ্যসূচী হাতত ল'ব। উল্লেখযোগ্য যে,ভাৰতী ফাউণ্ডেশ্যন ভাৰতী এণ্টাৰপ্ৰাইজৰ জনীকল্যামুখী সংগঠন হিচাপে ২০০০ চনত প্ৰতিষ্ঠা হৈছিল। সত্য ভাৰতী স্কুল প্ৰগ্ৰেমৰ ধজ্বাবাহী হিচাপে গ্রাম্য ভাৰতৰ ৬ খন ৰাজ্যৰ লক্ষ্যাধিক অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষভাৱে কন্যা সন্তানৰ মাজত মানবিশিষ্ট শিক্ষা প্ৰসাৰৰ বাবে ২০০৬ চনৰ পৰাই কাম কৰি আহিছে। সমগ্ৰ দেশে কভিড'-১৯ ৰ লগত যুঁজ দি থকাৰ সময়তে ভাৰতী ফাউণ্ডেশ্যনেও ছাত্ৰ-ছাত্ৰী সকলক মানবিশিষ্ট শিক্ষা ঘৰতে দিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে এক বিদ্যায়তনিক অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন,আই.এ এছ-এ কয়"বৰ্তমান মানৱতা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বানক মনত ৰাখি অভিভাৱক সকলৰ জৰিয়তে শিশুসকলক সহায় কৰিবলৈ প্ৰশিক্ষণ মডিউল তৈয়াৰ কৰা হৈছে, যাতে শিশুসকলক ঘৰতে অন লাইন ব্যৱস্থাৰে শিক্ষা লাভ কৰাত সহায় কৰিব পাৰে"। আনহাতে এই কাৰ্যসূচীৰ বিষয়ে মন্তব্য কৰি ভাৰতী ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া মমতা শইকীয়াই কয়"-যোৱা কেইটামান মাহ চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে যাৰ ফলত আমি কাৰ্যসূচী সমূহ ৰূপায়ন কৰিবলৈ নতুন পদ্ধতি ল'বলৈ বাধ্য হৈছোঁ। আমাৰ শিক্ষক সকলে আমাৰ এই প্রচেষ্টাত পাৰ্যমানে সহায় আগবঢ়াইছে আৰু তেওঁলোকৰ প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষাদানৰ নতুন পদ্ধতিসমূহ শিকি লোৱাত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ১.৫ লাখতকৈও অধিক পিতৃ-মাতৃ শিক্ষাৰ ক্ষেত্ৰত ডিজিটেল সামগ্ৰী ব্যৱহাৰত উপকৃত হ'ব"। আনহাতে, ভাৰতী ফাউণ্ডেশ্যনৰ সহযোগত প্রথম পৰ্যায়ৰ জিলা,খণ্ড আৰু গোট পৰ্যায়ৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হোৱা বুলি কামৰূপ জিলাৰ ডিইইও তথা ডিএমচি এছএছএ অপূৰ্ব ঠাকুৰীয়াই নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা