ধৰ্ষিতা, পংগু আৰু নিৰ্য্যাতিতাসকলক প্ৰতিশ্ৰুতিমৰ্মে ২ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ দাবী

সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয় ৰক্ষী পৰিষদৰ বিশেষ সভা সম্পন্ন- সভাখনত সভাপতিত্ব কৰে নলবাৰীৰ বিশিষ্ট নাগৰিক তথা নিৰ্যাতিত পৰিয়ালৰ অন্যতম প্ৰতিনিধি দীপক হুজুৰীয়ে*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ আগষ্ট*

গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ আৰু নিৰ্যাতিতৰ ন্যাস ভৱনত কালি দিনৰ ১১বজাত সদৌ অসম জাতীয় শ্বহীদ  পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । সভাত সভাপতিত্ব কৰে নলবাৰীৰ বিশিষ্ট নাগৰিক তথা নিৰ্যাতিত পৰিয়ালৰ অন্যতম প্ৰতিনিধি দীপক হুজুৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে । সভাত উপস্থিত থাকি মুনীন্দ্ৰ নাথ, কমল নাথ, কবিতা দাস ডেকা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ মন্তব্য দি কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰে । সভাত গৃহীত প্ৰথম প্ৰস্তাৱ অনুসৰি শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ সদস্যৰ লগতে প্ৰবীণ কন্ঠশিল্পী অৰ্চনা মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
গৃহীত আন এক প্ৰস্তাবমৰ্মে অসম চুক্তিৰ ৬নং দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হয় । এই সভাতে ছ'ছিয়েল মিডিয়াত শ্বহীদৰ নামত প্ৰচাৰ হৈ থকা সমালোচনা বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে শ্বহীদৰ তেজৰ মূল্যায়ন কৰিবলৈ সকলোকে অনুৰোধ জনোৱা হয় । গভাত গৃহীত আন এক প্ৰস্তাব অনুসৰি যিসকল শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ সদস্যৰ নাম তালিকাত চাকৰি-বাচনি তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেখেতসকলক অনতিপলমে চাকৰিত মকৰল কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । এই সভাতে ধৰ্ষিতা, পংগু আৰু নিৰ্য্যাতিতাসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিমৰ্মে ২ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় । শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ নিযুক্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰিলে শ্বহীদ আৰু নিৰ্য্যাতিত পৰিয়ালৰ সমন্বয়ৰক্ষী পৰিষদৰ তৰফৰ পৰা কোনো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত লয় ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা