ৰঙিয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্মদিন পালন

ভালে সংখ্যক যুৱ প্ৰজন্মৰ কংগ্ৰেছত যোগদান

প্ৰতিবেদক, ৰঙিয়া,২০ আগষ্টঃ
প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৬সংখ্যক জন্ম দিৱস আজি ৰঙিয়াৰ ৰাজীৱ ভৱনত ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ উদ্দোগত উদযাপন কৰা হয় । নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি সভাৰ আৰম্ভণিতে ভাৰতৰত্ন
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি সশ্ৰদ্ধাৰে সোৱৰণ কৰে কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি তথা প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতা, উপ সভাপতি আবুবক্কৰ ছিদ্দিক, সম্পাদক উজ্জ্বল লহকৰ, আইনাল হক, জিলা এনএছইউআইৰ সভাপতি চাকিল আহমেদ, গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাস, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল হুছেইন প্ৰমুখ্যে সভাত উপস্থিত থকা দলীয় কৰ্মীসকলে।আনহাতে কামৰূপ জিলা এনএছইউআইৰ সভাপতি চাকিল আহমেদৰ নেতৃত্বত জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ উপস্থিতিত ৰঙিয়াৰ ৰাজীৱ ভৱন প্ৰাংগণত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মজয়ন্তী উদযাপন উপলক্ষে এক বৃক্ষৰোপন কাৰ্যসূচী হাতত লয়।ইয়াৰোপৰি আজিৰ দিনটোতে সমষ্টিটোৰ ভালে সংখ্যক নৱ প্ৰজন্মই প্ৰশান্ত মেধিৰ নেতৃত্বত ৰঙিয়াৰ ৰাজীৱ ভৱনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজি নৱ প্ৰজন্মৰ সদস্যসকলে কংগ্ৰেছত যোগদান কৰি সংকল্প লয়  কয় যে, আগন্তুক সময়ত তেওঁলোকে দলৰ সাংগঠিনক দিশতো অধিক মজবুত কৰি সমষ্টিটো যাতে কংগ্ৰেছৰ দখললৈ আনিব পাৰে তাৰ বাবে দেহে কেহে কাম কৰি যাব। 

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা