নগাঁৱত নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন

নগাঁৱত নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন      

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ আগষ্টঃ নগাঁও ক্ৰীড়া সংস্থাই নুৰুল আমিন স্মৃতি দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি ক'ভিড-১৯ৰ বাবে শনিবাৰে অনুষ্টুপীয়াকৈ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত কৰে। ২৯ আগষ্টৰ দিনটোতে অসমৰ বৰেণ্য পুৰুষ, ক্ৰীড়াবিদ নুৰুল আমিনৰ মৃত্যু হৈছিল । সেয়ে তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে নুৰুল আমিন স্মৃতি দিৱস আৰু ভাৰতবৰ্ষৰ হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে । এই মৰ্মে পুৱা নগাঁও ক্ৰীড়া সংস্থাৰ পতাকা সভাপতি ৰাজেন গোঁহাইয়ে উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে নুৰুল আমিন সম্পৰ্কে উপ সভাপতি তপন কুমাৰ শৰ্মাই আলোকপাত কৰাৰ বিপৰীতে ধ্যানচান্দৰ ওপৰত অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে বক্তব্য ৰাখে । নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰন সম্পাদক প্লাৱন বৰুৱাই সামগ্ৰিকভাৱে আঁত ধৰা অনুষ্ঠানটোৰ পিছত নুৰুল আমিন আৰু ধ্যানচান্দৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰি দুয়োগৰাকী ব্যক্তিক সকলো বিষয়ববীয়া তথা সদস্যই পুষ্পাৰ্ঘ অৰ্পনৰে শ্ৰদ্ধাৰে সোঁৱৰে । তদুপৰি অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি নগাঁও জিলাৰ মিছা, কাৱৈমাৰী আৰু ৰহাটো পালন কৰা হয় বুলি জানিৱ পৰা গৈছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা