শিৱসাগৰত হিতাধিকাৰীক চৰকাৰী আঁচনিৰ অনুদান বিতৰণত ৰাজহ মন্ত্ৰী যোগেন মহনৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ২৫ আগষ্ট  : অসম চৰকাৰ ৰাজহ মন্ত্ৰী যোগেন মহনে চৰকাৰী এককালীন বিশেষ সাহাৰ্য্য আঁচনিৰ অধীনত অনুসূচীত জাতি, অনুসূচীত জনজাতি, আৰু অন্যান্য পিচপৰা জাতিৰ নিৰ্বাচিত হিতাধিকাৰীৰ মাজত টিনপান, ফেশ্যন ডিজাইন মেচিন, খোৱা পানীৰ ফিল্টাৰ, এক্সাৰচাইজ বুক, বায়’ অৰ্গেনিক ছৈল এনৰিচাৰ (Bio-Organic Enricher) ইউনিফৰ্ম কিট, পাম্প ছেট আদি বিতৰণ  কৰে । এই সন্দৰ্ভত শিৱসাগৰ মহকুমা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় চৌহদত জিলা উন্নয়ণ আয়ুক্ত নৱাব আজহাৰ আলিৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ উন্নয়ণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগ একান্তই প্ৰয়োজন । সভাত  থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়েও সকলো হিতাধিকাৰিকে চৰকাৰী অনুদানসমূহ সৎ ব্যৱহাৰৰ লগতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আত্মনিয়োগেৰে নিজক স্বাৱলম্বী  কৰি গড়ি তুলিবলৈ সমবেত সমূহ হিতাধিকাৰীৰ প্ৰতি আহ্বান জনায় । 
অনুদান সমুহ প্ৰদান কৰাৰ বাবে সংহত অনুসূচীত জনজাতি উন্নয়ণ প্ৰকল্পৰ অধীনৰ নিৰ্বাচিত হিতাধিকাৰী ১৬২ গৰাকীক টিনপাত, ১৫০ গৰাকীক খোৱাপানীৰ ফিল্টাৰ, ২৪ গৰাকীক ফেশ্যন ডিজাইন মেচিন,  ১২ গৰাকীক চ’লাৰ হ’ম লাইটিনিং চিষ্টেম বিতৰণ কৰাৰ লগতে শিৱসাগৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ অন্যান্য পিচপৰা জাতিৰ নিৰ্বাচিত হিতাধিকাৰী ১৮৯ গৰাকীক টিনপাত, ২৫১ গৰাকীক খোৱাপানীৰ ফিল্টাৰ, ২৬ গৰাকীক ফেশ্যন ডিজাইন মেচিন, ২০৭১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক্সাৰছাইজ বুক, ৪০০ গৰাকীক বায়’ অৰ্গেনিক ছৈল এনৰিচাৰ (Bio-Organic Enricher), ১০৫ গৰাকীক উন্নত জাতৰ পাচলিৰ বীজ, ১৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম কিট, কিট প্ৰদান কৰাৰ উপৰিও অনুসূচীত জাতিৰ ৪০ গৰাকীক টিনপাত, ১৯৯ গৰাকীক খোৱাপানীৰ ফিল্টাৰ, ৩৮ গৰাকীক ফেশ্যন ডিজাইন মেচিন, ২০৭১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক্সাৰছাইজ বুক, ৮০ গৰাকীক বায়’ অৰ্গেনিক ছৈল এনৰিচাৰ (Bio-Organic Enricher), ১০৫ গৰাকীক উন্নত জাতৰ পাচলিৰ বীজ, ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম কিট,
 প্ৰদান আৰু ৪৩ গৰাকীক পাম্প ছেট প্ৰদান কৰে । 
এই অনুদান বিতৰণ সভাত নিৰ্বাচিত হিতাধিকাৰীৰ উপৰিও সমাজ কৰ্মী ভবেন মহন, সুৰভি ৰাজকুমাৰী, সহকাৰী আয়ুক্তত্ৰয় ক্ৰমে গৌৰীপ্ৰিয়া দেউৰী, মনালি ৰজক আৰু মণিষা কলিতাৰ লগতে মহকুমা কল্যাণ বিষয়াৰ - কৰ্মচাৰীসকল উপস্থিত আছিল |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা