ৰক্তাক্ত হ'ব নেকি বিটিচি পৰিষদীয় নিৰ্বাচন ?

ওদালগুৰি - কোকৰাঝাৰৰ পিছত চিৰাঙতো উদ্ধাৰ গাঁতত পুতি থোৱা বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ 

 আৰক্ষীৰ তদন্ত অব্যাহত 

বঙাইগাঁওঃ ১৯ আগষ্টঃ বিটিচি নিৰ্বাচনৰ পূৰ্বে এতিয়া পৰিষদীয় এলেকাটোৰ বিভিন্ন জিলাৰ পৰা ধাৰাবাহিকভাৱে উদ্ধাৰ হৈছে অত্যাধুনিক মাৰণাস্ত্ৰ । ইয়াকে লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে ৰক্তাক্ত হ'ব নেকি বিটিচি পৰিষদীয় নিৰ্বাচন ? উল্লেখ্য যে বিগত কেইবাদিনত বিটিএডি এলেকাৰ ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ পৰা অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছত মঙলবাৰে পুনৰ চিৰাং জিলাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত মঙলবাৰে কাজলগাওঁস্থিত চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এক সংবাদমেল সম্বোধন কৰি কয় যে -এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ ৰুণীখাতা থানা তথা শান্তিপুৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী খাগ্ৰাবাৰীত পুৱাৰে পৰা চলোৱা কেইবা ঘণ্টীয়া অভিযানত গাঁতত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি  আৰু ৰুণীখাতাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত যোৱা চিৰাং আৰক্ষীৰ অভিযানকাৰী দলটোৱে মেটেল ডিটেকটৰৰ সহায়ত চলোৱা কেইবাঘণ্টীয়া অভিযানৰ অন্তত পুৱা ৭.৪০ মান বজাত খাগ্ৰাবাৰী গাঁৱৰ হাবিৰ মাজত পুতি থোৱা অৱস্থাত এটি বৃহৎ মাৰণাস্ত্ৰৰ টোপোলা উদ্ধাৰ কৰে । পিছত উদ্ধাৰকৃত টোপোলাটোৰ ভিতৰত ১ টা এইচ কে ছিৰিজৰ ৰাইফল , ১ টা মেগজিন, ১টা এ কে ছিৰিজৰ ৰাইফল, ২টা মেগজিন , ২ টা মেগজিনসহ ১ টা ইউ জেড আই ধৰণৰ কাৰখানাত নিৰ্মিত মাৰণাস্ত্ৰ  , মেগজিনসহ ২ টা পিষ্টল , ২ টা চাইনীচ হেণ্ড গ্ৰেনেড , ৯৩ টা এ কে ছিৰিজৰ সঁজীৱ গুলী আৰু ৫.৫৬ ৰাইফলৰ সঁজীৱ গুলী ২৫ টা জব্দ কৰিবলৈ সক্ষম হয় । উদ্ধাৰকৃত মাৰণাস্ত্ৰখিনি নাগালেণ্ডৰ বাতৰি কাকতেৰে মেৰিয়াই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এয়া কোনোবা উগ্ৰপন্থী সংগঠনে নাগালেণ্ডৰ পৰা আনি মাটিত পুতি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে । অৱশ্যে ঘটনা সন্দৰ্ভত কোনো এজন ব্যক্তিক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত শান্তিপুৰ আৰক্ষী চকীত ২৯৭ / ২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে লগতে কয় যে - শান্তিপূৰ্ণ বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষীয়ে এনেদৰে পৰিষদীয় এলেকাটোত মজুত থকা অবৈধ মাৰণাস্ত্ৰ বিৰোধী অভিযান অব্যাহত ৰাখিছে । 

প্ৰণৱ কুমাৰ ডেকা 

Comments