জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ১২ আগষ্ট : জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ স্থাপনা ২০১৭ চনত কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আন দাবীৰ লগতে সকলোৱে বাবে দুটা সন্তান  নীতি নিৰ্ধাৰণ কৰা এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰাৰ বাবে সজাগতা সৃষ্টি কৰা আৰু আন্দোলন গঢ়ি তোলা।

ভাৰতবৰ্ষত আগন্তুক এটা দশকৰ ভিতৰতে চীনক অতিক্ৰমী বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ'বলৈ গৈ আছে। 
সম্প্ৰতি ,কভিদ ১৯য়ে কঢ়িয়াই অনা বৈশ্বিক আৰ্থিক অৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণ , ভীমকায় বোজা পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭কোটি জনতাৰ দায়িত্ব লোৱা ৰাষ্ট্ৰৰ বাবে সমস্যাই দেখা দিছে।

  জনস্ংখ্যা বিস্ফোৰণৰ বাবে বিশ্বাৰ আন্তঃগাথঁনিৰ নিৰ্মাণ, অত্যাধুনিক সেনাবাহিনী বৈশিক প্ৰতিযোগী কৌশল কৰ্মশক্তি , আধুনিক স্বাস্থ্য সেৱাৰ আৱশ্যকীয় সামগ্ৰী ওপৰত অধিক চাপ পৰিছে।
আজি ১০আগষ্ট দিনা ফাউণ্ডেশ্যনে বিশ্বাস কৰা বৰ্তমান ৰাষ্ট্ৰ সম্মুখত কঠোৰ দুটি সন্তান জন্ম নীতি বলৱৎ কৰাৰ বাহিৰে একো উপায় নাই।
যোৱা ১১জুলাইত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান  ফাউণ্ডেশ্যনে দেশৰ ১৬২খন জিলাৰ পৰা জিলা অধিকাৰ জৰিয়তে দেশৰ মাননীয় প্ৰধান মন্ত্ৰী লৈ এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা