Posts

Showing posts from April, 2021

ৰাইদঙীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, প্ৰবীন খেলুৱৈ ৰামকৃষ্ণ ৰাজাৰ জীৱনাৱসান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ মে’: নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰজাগাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, ৰাইদঙীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা একালৰ খ্যাতনাম ফুটবল খেলুৱৈ ৰামকৃষ্ণ ৰাজাৰ শুকুৰবাৰে সন্ধ্যা প্ৰায় চাৰে ছয় বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ ৷ সৰবৰহী ৰাজাই মেঘালয় পুলিচত আৰক্ষী বিষয়াৰূপে যোগদান কৰি কিছু বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত চাকৰি ত্যাগ কৰি ঘৰলৈ ঘূৰি আহি সামাজিক কাম-কাজত নিজকে নিয়োজিত কৰিছিল ৷ ক্ৰীড়া ক্ষেত্ৰখনতো দখল থকা ৰাজা এসময়ৰ মধ্য অসমৰ  ক্ৰীড়াক্ষেত্ৰ খনত এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ ৰূপে জিলিকি উঠিছিল ৷ ১৯৯৫ চনত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ সভাপতি হিছাপে নিৰ্বাচিত হৈ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা ৰাজা সৌৰভ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ লগতে ৰজাগাঁও প্ৰাথমিক বিদ্যালয় আৰু ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ আসন শুৱনি কৰিছিল ৷ সৎ আৰু অমায়িক স্বভাবৰ ৰাজাৰ বিয়োগত বিয়োগত বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ বিপৰীতে তেওঁৰ মৃত্যুত

বঙাইগাঁও জিলাত একেদিনাই ৭৯ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

Image
মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৪৫০ জনলৈ বৃদ্ধি  বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ বঙাইগাঁও জিলাত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনাৰ সংক্ৰমণ ৷ জিলাখনত কেৱল আজিৰ দিনটোতে নতুনকৈ ৭৯ জন ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৪৫০ জনলৈ বৃদ্ধি পালে ৷ বৃহস্পতিবাৰে জিলাখনৰ ৫০ জনকৈ ব্যক্তি ক'ভিডত  আক্ৰান্ত হোৱাটো ধৰা পৰিছিল ৷ আনহাতে আজিৰ দিনটোত জিলাখনৰ ২৪ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত আজি মুঠ ৩,৭৫২ টা ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ উল্লেখ্য যে জিলাখনত বৰ্তমান ক'ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাত ক'ভিড ভেকচিন লোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰ তথা বিভিন্ন ভেকচিনেচন কেন্দ্ৰত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে জিলাখনত যোৱা ১ মাৰ্চৰ পৰা আজিলৈকে মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৬২২ জন হৈছে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও 

চুমিলা ৰংহাংপিৰ ধৰ্ষণ- হত্যাকাণ্ড , দোষীক ফাঁচিৰ দাবী বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ

Image
চুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন  বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ চুমিলা ৰংহাংপিৰ ধৰ্ষণ আৰু হত্যাৰ উচিত বিচাৰৰ দাবী জনাইছে বঙাইগাঁও জিলা ট্ৰাইবেল সংঘই ৷ বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি সঞ্জীৱ কুমাৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক চবিন কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত চুমিলা ৰংহাংপিক পঢ়োৱাবলৈ অনাৰ নামত বনকৰা হিচাপে ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক অকথ্য নিৰ্যাতন চলাই ধৰ্ষণ কৰাৰ লগতে অন্ত:সত্বা কৰি পৰিকল্পিত ভাৱে জ্বলাই হত্যা কৰা ঘটনাৰ উচিত, ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্ত কৰি সকলো দোষীক 'The schedule Tribe (Prevention of Atrocities act-1989) আৰু দেশৰ আইন অনুযায়ী ফাঁচি দিব লাগে বুলি দাবী জনাইছে ৷ উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ জনজাতি দুখীয়া পৰিয়ালৰ নাবালিকা চুমিলা ৰংহাংপিক নগাঁও জিলাৰ ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰৰ গৃহত পঢ়োৱাবলৈ অনাৰ নামত বনকৰা হিচাপে ব্যৱহাৰ কৰি অৱশেষত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইপিনে সন্ধিয়া সংগঠনটোৱে  বঙাইগাঁও জিলাৰ মেচপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ সমীপত বন্তি প্ৰজ্বলন কৰি চুমিলা ৰংহ

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ অসমাপ্ত কাৰ্যনিৰ্বাহক সম্পন্ন

Image
ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ অসমাপ্ত কাৰ্যনিৰ্বাহক সম্পন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আমি হাত সাবতি বহি থাকিলে নহব —সাংসদ ভুৱনেশ্বৰ কলিতা প্ৰতিবেদক, ৰঙিয়া, ৩০ এপ্ৰিলঃ দীৰ্ঘ বিৰতিৰ অন্তত আজি ৰঙিয়া গিৰিজানন্দ বিবাহ ভৱনত কোভিডৰ সম্পূৰ্ণ নীতি নিয়ম কঠোৰ ভাৱে পালন কৰি ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ পূৰ্বৰ স্থগিত কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক তিনি বছৰৰ বাবে সন্থাৰ নতুন কাৰ্য্যনিৰ্বাহক সভাখন গঠন কৰা হয়।  জিলা ক্ৰীড়া সন্থাৰ পূৰ্বৰ সভাপতি ভুবনেশ্বৰ কলিিতাই পদত্যাগ কৰাৰ পিছতে নতুনকৈ তিনিবছৰীয়া কাৰ্যকালৰ বাবে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ,, কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয়। নতুুুন কাৰ্যনিৰ্বাহক সভাৰ সভাপতি হিচাপে পুণৰ সাংসদ  ভুবনেশ্বৰ কলিতাক মনোনীত কৰা হয়। সন্থাৰ আন আন বিষয়ববীয়া সকল হ'ল  উপ-সভাপতি- ডাঃ সঞ্চয় তালুকদাৰ, অমলেন্দ্ৰ শইকীয়া, প্ৰদীপ কাকতি, আব্দুল জব্বৰ, দিলীপ চৌধুৰী আৰু পংকজ লহকৰ, সাধাৰণ সম্পাদক- মুকুটানন্দ ভট্টাচার্য, সহ সাধাৰণ সম্পাদক- উৎপল ভূঞা আৰু তাৰিফুল ইছলাম, কোষাধ্যক্ষ- সমীন্দ্ৰ ডে

কোভিড-১৯ত ৰাজধানী দিল্লীত মৃত্যু অসমৰ সাংবাদিকৰ, গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

Image
গুৱাহাটী, ৩০ এপ্ৰিল: কাল কৰোনাই পুনৰ প্ৰাণ কাঢ়ি ললে অসমৰ এগৰাকী সাংবাদিকৰ। দিল্লীত টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাব। দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু এক অপুৰণীয় ক্ষতি। প্ৰয়াত সাংবাদিকগৰাকীৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক- সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা। এনে এক সংকটপূৰ্ণ সময়ত সদ্য প্ৰয়াত নিলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও কোভিড-১৯ত আক্ৰান্ত হৈ গুৰুতভাৱে অসুস্থ। আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত কল্যান বৰুৱাৰ আশু- আৰোগ্য কামনা কৰিলোঁ। পৰিয়ালটোৰ এই কঠিন সময়ত সম্ভৱপৰ সকলো সহায় আগবঢ়াব বাবে সাজু গুৱাহাটী প্ৰেছ ক্লাব

বিসংগতিপূৰ্ণৰ পৰিৱৰ্তে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ আহ্বান অসম সত্ৰ মহাসভাৰ

Image
গুৱাহাটী ৩০এপ্ৰিল:   অসম চুক্তিৰ তিনি দশক কাল অতিক্ৰম কৰাৰ পিছত প্রায় এটা দশক মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰধীনৰ অন্তত ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে ন্যায়ালয়ৰ তত্ত্বাৱধানত যাতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগতএখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পূৰ্ণ কৰা হয়। কেইবাবছৰো পঞ্জীয়নৰ কাম কৰাৰ অন্তত যোৱা ২০১৯ বর্ষত নাগৰিক পঞ্জীৰ তালিকাখন প্ৰস্তুত তথা প্ৰকাশ কৰা হয়। পৰ্যবেক্ষণ কৰি জনা যায় যে উক্ত প্ৰকাশিত তালিকাৰ প্ৰায় ৪০শতাংশই ভূল তথা প্ৰায় ৪০ শতাংশ বিদেশীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হল। আনহাতে হাজাৰৰ পৰা লাখৰ ভিতৰত বহু  ভাৰতীয় তথা অসমৰ খিলঞ্জীয়া লোকৰ নাম উক্ত নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰা নহল বা বাদ পৰি গল।  এই সন্দৰ্ভত বিভিন্ন সামাজিক সংগঠন বেচৰকাৰী সংগঠন আদিয়ে তীক্ষ্ণ সমালোচনা কৰি  সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে।  অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া ঐতিহাসিক আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদানৰ ফলত অসম চুক্তি হয় । ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমে ভিত্তিবৰ্ষ হিচাপে লাভ কৰে ১৯৭১ বৰ্ষ ইয়াকো অসমৰ অধিক সংখ্যক লোকে মানি লোৱাৰ

Govt. of Assam should ban spitting in public places and prohibit consumption of sale of Pan, Gutka, Tobacco: CLPF

Image
Guwahati, April, 30: Consumers’ Legal Protection Forum (CLPF), Assam demand Govt. of Assam to ban spitting in public places and prohibit consumption of sale of Pan, Gutka, Tobacco. Forum submitted a letter to *Jishnu Barua, Chief Secretary, Govt. of Assam* today and request him to ban spitting and prohibit the use of smoke and smokeless tobacco products in public places in the State of Assam as early under the appropriate law for the greater interest of the public in view of the present pandemic situation. In 2020, during COVID19 pandemic, Government of Assam banned spitting in public places and declared it as a punishable offence with fine. Govt. also prohibited consumption and sale of Paan, Gutka, Tobacco etc. in public places.  In his letter, submitted to Chief Secretary, Govt. of Assam, *Advocate Ajoy Hazarika, Secretary, Consumers' Legal Protection Forum , Assam* stated, “ _Indian Council of Medical Research (ICMR)_ had appealed the general public to refrain from c

ৰমজানৰ কবিতা'ৰ অষ্টম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন

Image
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ খাইৰ প্ৰকাশনে প্ৰতি বছৰে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহত প্ৰকাশ কৰা 'ৰমজানৰ কবিতা' নামৰ অসমীয়া কাব্য সংকলনৰ অষ্টম বাৰ্ষিক সংখ্যাটো আজি বিয়লি ২ বজাত মৈৰাবাৰী প্ৰেছ ক্লাৱত বিশিষ্ট শিক্ষাবিদ, কবি হানিফ উদ্দিন আহমেদৰ পৌৰোহিত্যত শুভ উন্মোচন হৈ যায়। কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজাল সম্পাদিত কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক মৌলানা আহছান উল্লাহ ইশ্বাআতি চাহাবে। তেওঁ ক্বুৰআন পাঠেৰে শুভাৰম্ভ কৰা উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে 'খাইৰ প্ৰকাশন'ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে। সভাত লেখক মৌলানা আহছান উল্লাহ ইশ্বাআতি চাহাবে পৱিত্ৰ ৰমজান মাহৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে ৰমজান মাহৰ বিভিন্ন বিষয় লৈ লিখা কবিতাসমূহৰ দ্বাৰা কবিসকলে সমাজৰ হিত সাধন কৰিছে আৰু পৰম কৰুণাময় আল্লাহৰ পৰা পুণ্য অৰ্জন কৰিছে। সভাত উপস্থিত থাকি কবি হানিফ উদ্দিন আহমেদ, বদৰুজ জামান আকতাৰ, খাইৰুল ইছলাম, মুহাম্মাদ আফজাল আৰু জেনীফা আকতাৰা আহমেদে নিজৰ নিজৰ ৰমজানৰ কবিতা পাঠ কৰাৰ লগতে অনুভৱী মত ব্যক্ত কৰে। 'ৰমজানৰ কবিতা'ৰ মুখ্য সম্পাদক খাইৰুল ইছলাম আৰু সম্পাদক মুহাম্ম

পুতলা নাচৰ জৰিয়তে ক'ভিদ-১৯ ৰ সজাগতাৰ প্ৰয়াস ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ

Image
গুৱাহাটী, ২৯ এপ্ৰিল : সমগ্ৰ দেশত ক'ভিদ-১৯ ৰ দ্বিতীয় ঢৌ চলি থকাৰ সময়তে গুৱাহাটীস্হিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে (ARMT) জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে ক'ভিদ-১৯ ৰ সময়ত মানি চলিবলগীয়া আচৰণ বা নীতি-নিয়ম সমূহৰ বিষয়ে আন এক উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰিছে।    ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ইউনিচেফ, অসম- ৰ যৌথ প্ৰচেষ্টাত ৪-৫ মিনিট দৈৰ্ঘ্যৰ চাৰিখন ভিডিঅ ষ্ট্ৰিং পাপেট নিৰ্মাণ কৰি উলিয়ায়। ইয়াৰে তিনিখন পুতলা নাচৰ কাহিনী আছিল - ক'ভিদ-১৯ ৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু যিকেইখন পুতলা নাচ ইতিমধ্যেই ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ অফিচিয়েল ইউটিউব চেনেলটোত বহুলভাবে প্ৰচাৰ কৰা হৈছে।     বৈজ্ঞানিক কাৰ্টুনৰ চৰিত্ৰসমূহৰ জৰিয়তে ক'ভিদ-১৯ ৰ বিষয়ে সাধাৰণ জনতাৰ মাজত সচেতনতা সৃষ্টি কৰাৰ পিছত এইবাৰ এই ন্যাসে  জনসাধাৰণক ক'ভিদ-১৯ মহামাৰিৰ বিৰুদ্ধে সজাগ কৰিবৰ বাবে ষ্ট্ৰিং পাপেটৰ এটা ধাৰণা লৈ আগবাঢ়ি আহিছে। উজনি অসমৰ পৰা নামনি অসমলৈকে এই ষ্ট্ৰিং পাপেটক জনবহুলভাবে পুতলা নাচ হিচাপে জনাজাত। এই জটিল সন্ধিক্ষণত পুতলা নাচ হৈছে পৰম্পৰাগত লোককলাৰ এনে এটি মাধ্যম যি একে সময়তে সকলো শ্ৰেণী ব

লখিমপুৰ পানীগাঁৱত ঘৰৰ চাত খহি চাৰিজনৰ মিস্ত্ৰি চাতৰ তলত

Image
লখিমপুৰ পানীগাঁৱত ঘৰৰ চাত খহি চাৰিজনৰ মিস্ত্ৰি চাতৰ তলত  সংকট জনক অৱস্থাত উদ্ধাৰ কেউজনকে পানীগাৱৰ নিবাসী অৰূপ ৰাজখোৱা ঘৰত ঘৰত চাত বনাই থকা অৱস্থাত চাত খহি পৰাত চৰি জন মিস্ত্ৰীৰ চাতৰ তলত সোমাই পৰে  স্থানীয় ৰাইজে ততাতৈয়াকৈ গৈ চাতৰ তলৰ পৰা মিস্ত্ৰীৰ কেইজনক উদ্ধাৰ কৰে যদিও দুজনৰ অৱস্থা অতি সংকত জনক  ততাতৈয়াকৈ পানীগাওঁ অতিৰিক্ত চিকিৎসালয়ত ভত্তি কৰে যিদও অতি সংকত জনক হোৱা বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে

মাজত এটা দিন, ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰাজ্যত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ?

Image
দীপজ্যোতি ডেকা : অসম বিধানসভা নিৰ্বাচন-২০২১ ৰ ফলাফল ঘোষণাৰ দিন ২ মেলৈ অপেক্ষা সকলোৰে। তাৰ মাজতে কালি কেবাটাও সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে এক্সিট পোল প্ৰতিবেদন । তাৰে তিনিটা গোষ্ঠীৰ প্ৰতিবেদন অনুসৰি ABP news ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব ৫৮ ৰ পৰা ৭১ খন আসন,  কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব -৫৩- ৬৬ খন আসন zee news ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব ৭৫ ৰ পৰা ৮৫ খন আসন,  কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব -৪০- ৫০ খন আসন times of india ৰ মতে অসমত বিজেপিৰ মিত্ৰজোটে লাভ কৰিব 79 খন আসন আৰু কংগ্ৰেছ মিত্ৰজোটে লাভ কৰিব ৪৫ খন আসন। এই সমীক্ষাসমূহে কেবাটাও কথাৰ ইংগিত দিছে অধিকাংশ এক্সিট পোলৰ মতে ৰাজ্যত এইবাৰ পুনৰ বিজেপি চৰকাৰ হোৱাৰ ইংগিত পোৱা গৈছে। ভোটগ্ৰহণৰ তৃতীয় পৰ্যায়ৰ পিছৰ পৰা কৰোণাজনিত কাৰণত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ যেন কিছু পৰিমাণে নিস্তেজ হৈ পৰিছিল। ২ মেৰ দুই এদিন পূৰ্বে ৰাজনৈতিক চৰ্চা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছিল যদিও এক্সিট পোলসমূহে এই সম্ভাৱনাত অধিক সাৰ পানী যোগাইছে। এক্সিট পোলে যিয়েই নহওক প্ৰকৃত ফলাফল ২ মেতহে ওলাব। এফালে যেনেকৈ বিজেপি মিত্ৰজোটৰ নেতা-কৰ্মী-সমৰ্থকসকলে এক্সিট পোল দে

বলীয়া বলীয়া" বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ তিনিজনকৈ উদিয়মান শিল্পী

Image
 জামুগুৰিহাটৰ গেলা হাটিঙাস্থিত মাচান পাৰ্কৰ এক সেউজময় পৰিৱেশত খেৰি দুইতলীয়া গৃহৰ চৌহদত "বলীয়া বলীয়া" বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ গেলা হাটিঙাৰ তিনিজনকৈ উদিয়মান শিল্পী । তেওঁলোকৰ নিজা প্ৰচেষ্টাত এটি সুন্দৰ বিহু গীতৰ এলবামত নতুনকৈ কন্ঠদান কৰিছে গেলা হাটিঙাৰ উদিয়মান কন্ঠশিল্পী তথা কথা-সুৰ দিয়ে ডেনিয়েল কৰাড, সংগীত ব্যৱস্থাপনা বিপুল চৌধুৰী, ভিডিঅ'গ্ৰাফী বিশ্বজিৎ কলিতা, অভিনয় কৰিছে অনুৰাগ তচা আৰু প্ৰীতি তিৰ্কীয়ে । তেওঁলোকৰ নিজা প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে সমুহ অসমবাসী ৰাইজক ভিডিঅ'টি সম্পুৰ্ণ  চাবৰ বাবে Youtube ত  Daniel Korad  বুলি Search কৰিলে পাব বুলি তেওঁ অনুৰোধ জনায় । তেওঁলোকক বিশেষভাৱে অনুপ্ৰেৰণা যোগাই জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচা, উদিয়মান বিভিন্ন গীতৰ ৰচক পাপুমনি বৰা, নৰেণ পান তাঁতি, স্নেল চনা, আমোন তাঁতি, অনিল চাহু, প্ৰণৱ নাগ, চাহিদ খান, অনুজ ৰয়ৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তিয়ে । কৰুণা মহামাৰীৰ সময়ত ঘৰতে আৱদ্ধ থাকি তেওঁলোকৰ এনে মহান চিন্তাধাৰাক লৈ অঞ্চলবাসীয়ে বহু শলাগ লোৱাৰ লগতে উৎজ্জ্বল ভৱিষ্যত কামনা কৰে । ত

চতিয়াত বেচৰকাৰী সংগঠনৰ উদ্যোগত বস্ত্ৰ বিতৰণ

Image
 চতিয়াৰ দক্ষিণ অঞ্চলৰ এটা বেচৰকাৰি সংগঠন প্ৰয়াস-এটি প্ৰচেষ্টাৰ উদ্যোগত চতিয়াৰ দক্ষিন অঞ্চলৰ শতাধীক দৰিদ্ৰ পৰিয়ালক ৰমজান মাহত ঈদউল ফিতৰৰ আগে আগে আজি প্ৰদান কৰে বস্ত্ৰ। ২০১৯চনত চতিয়াৰ সিপৰীয়া অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উদ্যোগত গঢ়ি উঠা প্ৰয়াস এটি প্ৰচেষ্টা নামৰ বেচৰকাৰী সংগঠনটোৱে তেওঁলোকৰ সদস্য সকলৰ উৎপাজনৰ ধনৰ প্ৰতিমাহে ১ৰ পৰা ৩ হাজাৰটকাকৈ প্ৰতিজন সদস্যয়ে সংগঠনৰ পুজিত জমা কৰে আৰু নিজ সদস্যৰ মাজৰ পৰা সংগ্ৰিহিত ধনৰে অঞ্চলটোত জনহিতৰ কাম কৰি আহিছে আজিওঁ অঞ্চলটোৰ ১নং আধাভেটি, ভোজমাৰী আদি গাওঁত শতাধীক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে সংগঠনটোৱে। ৰমজানমাহত দৰিদ্ৰজনৰ হাত তুলি দিয়া এপদ বস্ত্ৰয়ে সেই পৰিয়াল সমূহৰ মাজত হাহঁহী বিৰিঙাৱলে সক্ষম হৈছে। আজি এই বস্ত্ৰ বিতৰণ অনুষ্ঠানত সন্থাটোৰ সভাপতি আৱিদুৰ ৰহমান সম্পাদক জেহিৰুল ইছলামৰ লগতে প্ৰায়সকল সদস্য উপস্থিত আছিল। জামুগুৰিহাটৰ পৰা জোন বৰা।

মাকৰ মৃতদেহ বাইকত লৈ সৎকাৰ কৰিবলৈ নিলে পুত্ৰই...

Image
মাকৰ মৃতদেহ বাইকত লৈ সৎকাৰ কৰিবলৈ নিলে পুত্ৰই... নিউজ ডেস্ক : এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ মনদাচা মণ্ডল গাঁৱৰ। গাঁওখনৰ  ৫০ বছৰীয়া জি চানচুলা নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছত পুত্ৰ আৰু এজন আত্মীয়ই এম্বুলেন্সৰ বাবে ৰৈ ৰৈ অৱশেষত নাপায় বাইকত লৈয়ে সৎকাৰ কৰিবলৈ লৈ যায়। ঘটনাটোৱে দেশজুৰি শোকৰ ছা পেলাইছে

বিজেপি-এআইইউডিএফ সাম্প্ৰদায়িক, দূৰত্ব বজাই ৰাখিব এজেপিয়ে : লুৰিণজ্যোতি গগৈ

Image
অঞ্জনা বৰা :অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত দুটা দিন বাকী থকা অৱস্থাত আজি আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলেই সাম্প্ৰদায়িক। দুয়ো দলৰ পৰা সমদূৰত্ব বজাই ৰাখিব এজেপিয়ে। নিৰ্বাচনী ফলাফল ঘোষণাৰ দুদিন পূৰ্বে গগৈৰ এই মন্তব্যই তাৎপৰ্য বহন কৰিছে।

মাণিকপুৰৰ বেছিমাৰীত সংঘৰ্ষত নিহত আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ দ্বীপেন সাউদ

Image
ষ্টাফ ৰিপোৰ্টাৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নিহত হৈছে আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ দ্বীপেন সাউদ। বঙাইগাঁও আৰক্ষীৰ এক গোপন অভিযানত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়। সংঘৰ্ষত দ্বীপেন সাউদৰ দেহৰক্ষী পদূম ৰায়ে আত্মসমৰ্পন কৰে।আৰক্ষীয়ে সংৰ্ঘষ স্থলীৰ পৰা দুটা পিষ্টলসহ, গ্ৰেণেড আৰু কিছু গুলী উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে।  উল্লেখ্য যে বৰপেটা জিলাৰ সৰভোগৰ দুৰামাৰিৰ গাঁৱৰ এসময়ৰ সময়ৰ সৰৱৰহী যুৱক দ্বীপেন সাউদে নব্বৈ দশকৰ প্ৰথমভাগতে আলফাত যোগদান কৰিছিল। শেহতীয়াকৈ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ হিচাপে সাংগঠনিক পদোন্নতি দিয়া হৈছিল। স্বাভাৱিকতে তেঁওৰ মৃত্যু নামনি অসমত আলফা স্বাধীনৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।

আনক বচাবলৈ জীৱন ত্যাগ এগৰাকী স্বয়ংসেৱকৰ...

Image
দীপজ্যোতি ডেকা : ৰাষ্ট্ৰৰ স্বাৰ্থত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ জীৱনব্ৰতী কাৰ্যকৰ্তাৰ সৰ্বোচ্চ ত্যাগ আপুনি দেখিছে। এইবাৰ এগৰাকী জ্যেষ্ঠ স্বয়ংসেৱকে ৮৫ বছৰ বয়সত কৰোণাত আক্ৰান্ত হৈ থকাৰ সময় আইচিইউৰ নিজৰ বিচনা এগৰাকী ৰোগীক এৰি দি নিজেই ত্যাগ কৰিলে জীৱন। তেঁও কলে " মই ৮৫ বছৰীয়া হৈছো। জীৱনটো বহু দেখিলো, কিন্তু যদি সেই মহিলাগৰাকীৰ স্বামী ঢুকায় তেন্তে সন্তান অনাথ হব। সেয়ে মোৰ কৰ্তব্য যে মই সেই ব্যক্তিগৰাকীৰ জীৱন বচাও।"      এনেকৈ কৈয়েই নাগপুৰৰ কোৰোণা আক্ৰান্ত স্বয়ংসেৱক নাৰায়ন ভাওৰাও  দেভাৰকাৰে নিজৰ আই চি ইউৰ বিচনাখন সেই মহিলাগৰাকীৰ স্বামীক এৰি দিলে আৰু মাথো ৩ দিনৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিলে। এই ত্যাগক এতিয়া সমগ্ৰ দেশবাসীয়ে একেমুখে প্ৰশংসা  কৰিছে।

বঙাইগাঁৱত একেদিনাই ৫০ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ

Image
বঙাইগাঁও জিলাত দৈনিক বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা  একেদিনাই ৫০ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ বঙাইগাঁওঃ ২৮ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে ৷ জিলাখনত দ্ৰুতিগতিত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত থকাত এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে জিলাখনত মঙলবাৰে ৬২ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ নতুনকৈ ৫০ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াৰ ফলত জিলাখনত যে ক'ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাকে প্ৰমাণ কৰিছে ৷ জিলাখনত আজিৰ দিনটোত ক'ৰোনাত আক্ৰান্ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা বাঢ়ি গৈ ৩৬৯ জন হৈছে ৷ আনহাতে ১৭ জন ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত ১ মাৰ্চৰ পৰা বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৯৩ জন ৷  প্ৰণৱ কুমাৰ ডেকা 

শ্বিলং, জোৱাই, তুৰাত লকডাউন ঘোষণা

Image
কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজধানী চহৰ শ্বিলঙৰ চহৰাঞ্চলৰ লগতে জোৱাই আৰু তুৰাত লকডাউন ঘোষণা কৰিছে মেঘালয় চৰকাৰে। অহা ১ মে’ৰ পুৱা ৫বজাৰ পৰা ১০মে পুৱা ৫বজালৈ প্ৰযোজ্য হব এই লকডাউন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰযোগে কৰিছে এই ঘোষণা।

অহা পাঁচটা দিন প্ৰকৃতিয়ে পৰীক্ষা লব ৰাজ্যবাসীৰ!

Image
নিউজ ডেস্ক : প্ৰচণ্ড ভূইকপে ৰাজ্যবাসীক আতংকিত কৰি ৰখাৰ মাজতে বতৰ ৱিজ্ঞান কেন্দ্ৰই দিছে আন এক সাৱধানবাণী। এই অনুসৰি অহা পাঁচটা দিন ৰাজ্যত প্ৰৱল ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰই। ঘন্টাত ৫০ৰ পৰা ৬০ কিলো মিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বেবেজীয়াত ভুমিকম্পৰ পিছতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল মহিলাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ এপ্ৰিলঃ কৰ’নাৰ তাণ্ডৱৰ মাজতেই আজি পূৱা অহা বৃহৎ প্ৰাৱল্যৰ ভুমিকম্পই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বিস্তৰ ক্ষতি সাধন কৰে ৷ এই ভূমিকম্পৰ ফলতে জিলাখনৰ বেবেজীয়াত এগৰাকী বয়োজ্যেষ্ঠা মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত মহিলা গৰাকী ৫৫ বছৰীয়া লাবন্য শ‌ইকীয়া বৈশ্য বুলি জানিব পৰা গৈছে । আচলতে প্ৰৱল জোকাৰণিৰে অহা ভুমিকম্পটোত ভয় খোৱাৰ ফলতেই মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ প্ৰাপ্ত খবৰ মতে, ক্ষেত্ৰীৰ ৰাজেন বৈশ্যৰ লগত বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকী কিছুদিনৰ পূৰ্বে বেবেজীয়াৰ মাতৃগৃহলৈ আহিছিল ৷ আজি ভূমিকম্পৰ সময়ত শোৱাপাটীতে থকা মহিলাগৰাকী বাহিৰলৈ ওলাই নহাত পৰিয়ালৰ লোকে ভিতৰলৈ গৈ মাত দিয়াত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰে । দীৰ্ঘদিন ধৰি বহুমুত্ৰ ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত মুখেদি তেজ ওলাই আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । অমায়িক, সৰলমনা স্বভাৱৰ সৰবৰহী মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী আৰু দুজন পুত্ৰসহিতে বহু ইষ্ট-কুটুম্ব ইহসংসাৰত এৰি থৈ যা

জাগীৰোডৰ ছটাবৰীত ভূমিকম্পৰৰ ফলত দৌল মন্দিৰৰ বিস্তৰ ক্ষতিসাধন

Image
প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ ফলত মৰিগাঁও জিলাৰ জাগীৰোডৰ ছটাবৰী গাৱৰ ঐতিহাসিক শিলডুবি সত্ৰৰ দৌল মন্দিৰৰ বিস্তৰ ক্ষতিসাধন হয় । ১৫৯০ শতিকাত স্হাপন কৰা মায়ঙৰ শিলডুবি সত্ৰ ১৯২৫ চনত জাগীৰোডৰ ছতাবৰীলৈ স্হানান্তৰ কৰা হয় বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ক’ৰণা মহামাৰী আৰু সত্ৰাধিকাৰ বিয়োগৰ  বাবে যোৱা বছৰ আৰু এই বাৰ দৌল উৎসৱ অনুস্হিত হোৱা নাছিল ৷ মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

চকলাঘাটত কৰ’নাত আক্ৰান্ত হৈ নৱ বিবাহিতা মহিলাৰ মৃত্যু

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ এপ্ৰিলঃ নগাঁও জিলাত মহামাৰী কৰ’নাৰ দ্বিতীয়টো ঢৌয়ে বৰ্তমান জটিল ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে যদিও জিলাখনত দ্ৰুত গতিত কৰ’নাত আক্ৰান্তৰ সংখ্যা বদ্ধি পাই অহাত ৰাইজ শংকিত হৈ পৰিছে ৷ এনে এক পৰিস্থিতিৰ মাজতে আজি জিলাখনৰ বেবেজীয়াৰ কিছু নিলগৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত এগৰাকী নৱ বিবাহিতা মহিলাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰাত অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ মতে, চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ যাদৱ ভূঞা নামৰ যুৱকজনৰ নৱ বিৱাহিতা পত্নী বনলক্ষ্মী বৰা(২৮)ৰ বিগত কেইবাদিনো জ্বৰ, কাহ আদি ৰোগত ভুগি আছিল যদিও ঘৰতে মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু কালি পুৱাৰ ভাগত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নগাঁও চহৰলৈ নিয়া হয় আৰু তাতে স্বাস্থ্য বিভাগৰ দলে ক’ভিড টেষ্ট কৰাত মহিলাগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ লগে লগে স্বাস্থ্য বিভাগৰ দলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও আজি পুৱাৰ ভাগত মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ

মৈৰাবাৰীত ২য় জন কভিড ১৯ ত আক্ৰান্ত

Image
মৈৰাবাৰী বজাৰৰ দিলিপ হোটেলৰ কৰ্মচাৰী ৰফিকুল ইছলাম (৩৫) তাতিকটা গাৱৰ বুলি জানিব পৰা গৈছে।*  *মৈৰাবাৰী FRU চিকিৎসালয়ৰ চিকিৎসকৰ সজাতি দলে মৈৰাবাৰী বজাৰৰ দোকানত কভিড টেষ্ট কৰোতে এজন হোটেলৰ কৰ্মচাৰী দেহত ধৰা পৰিছে কভিড পজিটিভ ।*  *এতিয়া লৈকে মৈৰাবাৰীত দৈনিক কভিট টেষ্ট কৰা হৈছে কিন্তু আজি ২য় জন মৰিগাও জিলাৰ মৈৰাবাৰীত  কভিড পজিটিভ ৰোগী  ধৰা পৰিছে* ।  *মৈৰাবাৰীত কভিডৰ ভয়াবহতাৰ সময়তে মৈৰাবাৰীত  দোকান পোহাৰত চেনিটাইজাৰ আৰু মাস্কৰ ব্যৱহাৰ কৰা দেখা পোৱা  নাযায় ৷ ৰমজান মাহত কাপোৰ দোকানত দেখা গৈছে ভীৰ কিন্তু কাৰো মুখত নাই মাস্ক ৷ হোটেল আদিতো দেখা পোৱা নগল মাস্কৰ ব্যৱহাৰ ৷ইয়াক লৈ মৈৰাবাৰীত   তীৰ্ব আতংকৰ সৃষ্টি হৈছে ৷* *যিখন হোটেলৰ পৰা কভিড পচিটিভ ৰোগী ধৰা পৰিছে সেই হোটেলতো পিন্ধা নাই কোনোও মাস্ক ৷* *মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

মৈৰাবাৰীত সৰ্বমুঠ ৫ বাৰ ভূমিকম্পৰ জোকাৰণি

Image
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাওৰ মৈৰাবাৰীতো ভূমিকম্পৰ তীব্ৰ জোকাৰণি সৃষ্টি হয়৷ ☞৭ বাজি ৫২ মিনিটত অনুভূত হয় এই জোকাৰণি ☞প্ৰায় ১ মিনিট ধৰি হৈ থকা কম্পমানত আতংকিত ৰাইজৰ চিঞৰ বাখৰ৷    ☞ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন এলেকাত মাটি ফাট মেলাৰ দৃশ্য পৰিলক্ষিত হোৱা দেখা যায়৷  ☞ আনকি কেতবোৰ বিল্ডিং ঘৰতো ফাট মেলাৰ তথ্য পোহৰলৈ আহিছে৷ ☞ সম্প্ৰতি এতিয়াও অলপ পিছে পিছে ভূমিকম্পৰ জোকাৰণি হৈ আছে৷ মৈৰাবাৰীত সৰ্বমুঠ ৫ বাৰ ভূমিকম্পৰ জোকাৰণি ৷ মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৷

বঙাইগাঁৱত আজিৰে পৰা ১২ মে'লৈ বন্ধ ঘোষণা জিলাখনৰ সকলো শিক্ষানুষ্ঠান

Image
বঙাইগাঁও জিলাত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণ  একেদিনাই  ৬২ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ কাইলৈৰ পৰা ১২ মে'লৈ বন্ধ ঘোষণা জিলাখনৰ সকলো শিক্ষানুষ্ঠান বঙাইগাঁওঃ  ২৭ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যাই আজি তিনিশৰ ঘৰ অতিক্ৰম কৰে ৷ জিলাখনত দ্ৰুতিগতিত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত থকাত এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে জিলাখনত সোমবাৰে ৪৯ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিছত আজি ৬২ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াৰ ফলত জিলাখনত ক'ৰোনাই কি ৰূপ ধাৰণ কৰিছে তাকে প্ৰমাণ কৰিছে ৷ জিলাখনত আজিৰ দিনটোত ক'ৰোনাত আক্ৰান্ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩৬ জন হৈছ ৷ আনহাতে ১৭ জন ৰোগী সুস্থ হৈ উঠিছে  ৷ জিলাখনত ১ মাৰ্চৰ পৰা বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৪৩ জন ৷ ইপিনে জিলাখনত ক'ৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত বঙাইগাঁও জিলা প্ৰশাসনে কাইলৈ (২৮ এপ্ৰিল) ৰ পৰা অহা ১২ মে'লৈকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানসমূহ ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে ৷ জিলাখনত বিগত ১০ দিনত ৩০০ তকৈ অধিক ক'

টিহুৰ পিপলিবাৰী নিবাসী অবসৰী কৃতি শিক্ষক, প্ৰকৃতিপ্ৰেমী অতুল কৃষ্ণ গোস্বামীৰ দেহাৱসান # অঞ্চল জুৰি শোক

Image
টিহু, ২৭ এপ্ৰিল  :  টিহু মহকুমাৰ পিপলিবাৰী নিবাসী অবসৰী কৃতি শিক্ষক অতুল  কৃষ্ণ গোস্বামী(৮২)ৰ কালি নিশা নিজ বাসগৃহতে হৃদক্ৰীয়া বন্ধ হৈ দেহাৱসান ঘটে  । তেওঁৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধই বাসগৃহলৈ আহি নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে  । ১৯৩৯ চনৰ ৪ চেপ্তেম্বৰত টিহুৰ পিপলিবাৰী গাঁওত জন্মগ্ৰহণ কৰা অতুলকৃষ্ণ গোস্বামীয়ে টিহু হাইস্কুলৰ পৰা ১৯৫৮ চনত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জিলাৰ কানৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু ১৯৬৪ চনত  স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়  । ইয়াৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰিভিয়াচ পৰীক্ষা উত্তীৰ্ণ হয় যদিও ঘৰুৱা অসুবিধাৰ বাবে স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় । গোস্বামীয়ে পিছলৈ হিন্দীৰ বিশাৰদ আৰু সংস্কৃতৰ মধ্যমা ডিগ্ৰীও লাভ কৰে । অতুলকৃষ্ণ গোস্বামীয়ে বাকসা জিলাৰ  খাগ্ৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰি পিছলৈ  ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হয় আৰু ২০০০ চনত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়

কৃষ্ণাইত ৰেলৰ খুন্দাত নব্বৈ বছৰীয়া বৃদ্ধা নিহত

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱত আজি নিচেই পুৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত এগৰাকী বৃদ্ধা নিহত হৈছে ৷ নিহত বৃদ্ধা গৰাকীৰ নাম কানন বালা হাজং ৷ জানিব পৰা মতে, ধাইগাওঁ শোলমাৰিৰ হাজং গাঁৱৰ নব্বৈ বছৰীয়া কানন বালা হাজঙে বিয়া খাবলৈ যোৱাৰ উদ্দেশ্যে আজি পুৱা প্ৰায়  ৬:৩০ বজা মানত ঘৰৰ পৰা ওলাই আহিছিল ৷ পিছে ধাইগাঁৱত ৰেল আলি পাৰ হ’ব ধৰোঁতেই বিপৰীত দিশৰ পৰা আহি থকা যাত্ৰী বাহী ৰেল এখনে বৃদ্ধা গৰাকীক খুন্দিয়ায় ৷ ইয়াৰ ফলত বৃদ্ধা গৰাকী ৰেল আলিৰ কাষৰ বননিত পৰি যায় আৰু ঘটনাস্থলীতে কানন বালা হাজঙে শেষ নিশ্বাস ত্যাগ কৰে ৷ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

ডবকাৰ টোলগেটত কৰ্মচাৰীৰ গুণ্ডাৰাজ≈≈অতিৰিক্ত ধন বিচাৰি বিহু দলক শাৰীৰিকভাৱে অপদস্থ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭এপ্ৰিলঃ বিতৰ্কই লগ নেৰা হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডবকা টোলগেটক ৷ টোলগেটটোত নিয়োজিত কৰ্মচাৰীৰ চূড়ান্ত মইমতালি আৰু গুণ্ডাগিৰিৰ বাবে প্ৰায়েই টোলগেটটোত সঘনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈ অহাৰ সময়তে সোমবাৰে পুনৰাই সংঘটিত হয় অনুৰূপ ঘটনা ৷ জানিব পৰা মতে, নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জামুগুৰিৰ বিহু নাচনী অংকুৰিমা বৰদলৈৰ "মৌ-কুঁহি" বিহুৱাদলটি দেওঁবাৰে দিনৰ ভাগত হোজাই জিলাৰ তিনি নম্বৰ কাকীত আয়োজিত এখন বিহু প্ৰতিযোগিতালৈ যায় ৷ যাওঁতে বিহু দলটিয়ে ডবকা টোলগেটত নিয়মমাফিক টোলগেটৰ কৰ পৰিশোধ কৰি কাকীলৈ যাত্ৰা কৰাৰ পিছত দলটিয়ে চৰকাৰী নীতি-নিৰ্দেশনা মানি নিশা এঘাৰ বজাৰৰ পূৰ্বে বিহু অনুষ্ঠান সামৰণি মাৰে ৷ কিন্তু বিহু দলটি নিশাটোৰ পৰৱৰ্তী সময় কাকীতে কটাই পিছদিনা মঙলবাৰে কাহিলি পুৱা জামুগুৰিলৈ বুলি প্ৰত্যাৱৰ্তন কৰে ৷ বিহু দলটি উভতি আহি পুৱা ঠিক চাৰি মান বজাত ডবকা টোলগেটত উপস্থিত হোৱাত টোলগেটৰ কৰ্মচাৰীয়ে চৰম মইমতালিৰে নিৰ্দিষ্ট পৰিমাণৰ কৰতকৈ অতিৰিক্ত ধন বিচাৰি বিহু দলটোক হাৰাশাস্তিৰ সন্মুখীন কৰায় ৷ তেতিয়া বিহু দলটিয়েও অতিৰিক্ত ধন দিবলৈ অমান্তি হোৱাত দলটো

নগাঁৱত আদালতৰ বিষয়া-কৰ্মচাৰী-অধিবক্তাৰ মাজত ক’ভিড ভেকচিন প্ৰদান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ এপ্ৰিলঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো সম্প্ৰতি ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ এনে এক জটিল পৰিস্থিতিৰ মাজত চৰকাৰী-বেচৰকাৰী সকলো স্তৰৰ কৰ্মচাৰীয়ে তীব্ৰ শংকাত কাৰ্যালয়ৰ ভিতৰে বাহিৰে দৈনন্দিন কাম-কাজ সমূহ পৰিচালনা কৰিব লগা হৈছে ৷ সেয়ে এনে ব্যস্ত কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সহযোগত মঙলবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়, মূখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় আৰু অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সমূহ ন্যায়িক বিষয়াৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰীসকলক প্ৰথম লানি ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷ নগাঁও আদালত ভৱনৰ মুন্সিফ নং ১ আদালতত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা আইন সেৱা প্ৰাধিকাৰী, নগাঁৱৰ সচিৱ মৃনাল নিউপানে ৷ শুভাৰম্ভৰ পিছতে ক’ভিডৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি এই ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পন্ন হয় ৷ নগাঁও আদালতৰ লগত জড়িত প্ৰায় পঞ্চাশ জন অধিবক্তাকো ক’ভিডৰ 

আজিৰে পৰা ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা

Image
আজিৰে পৰা ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি মুখ্য সচিবৰ। এই সময়ছোৱাত বন্ধ থাকিব সকলো । অৱশ্যে চিকিতসা কৰ্মী, দোকানী, গাখীৰৰ ব্যৱসায়ী, বেংক,খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তি, ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলকহে বাহিৰত ওলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে লগত পৰিচয় পত্ৰ থকাতো বাধ্যতামূলক। এই সান্ধ্য আইন ১ মেলৈ কে জাৰি কৰা হৈছে ।

অন্ধবিশ্বাস সন্দৰ্ভত পাঠ্যক্ৰমত শীঘ্ৰে অধিক পাঠ অন্তৰ্ভুক্ত কৰক ডঃ দিব্যজ্যোতি শইকীয়া

Image
গুৱাহাটী ২৬ এপ্ৰিল:   যোৱা ২৪এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ লক্ষেশ্বৰী দৈমাৰী নামৰ এগৰাকী মহিলাক ডাইনীৰ নামত হানি খুচি হত্যা কৰা হয়। ৰঙাপাৰা থানাৰ  অন্তৰ্গত ১নং গেৰুগাজুলি নামে ঠাইত যোৱা পৰহি নিশা উক্ত মহিলাগৰাকীক নৃশংস ভাবে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ঘটনাৰদিনা নিশা নাতিনিয়েকৰ সৈতে শুই থকা অৱস্থাত নিৰীহ মহিলাগৰাকীক একাংশ দুৰ্বৃত্তই শোৱা পাতিৰ পৰা উঠাইলৈ মাৰ পিত কৰি হানি খুচি হত্যা কৰা কাৰ্যক তীব্ৰ ভাবে নিন্দা কৰি অন্ধবিশ্বাস বিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে মানৱ ৰূপী একাংশ জ্ঞানহীন দানৱ আৰু একাংশ ষড়যন্ত্ৰকাৰীৰ বাবে সময়ে সময়ে অন্ধবিশ্বাস তথা ডাইনীৰ নামত নিৰ্যাতন তথা হত্যা কাণ্ড সংঘটিত হৈ আহিছে।  ডঃ শইকীয়াই লগতে কয় দীৰ্ঘদিন ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখি ডাইনী কাণ্ড প্ৰতিৰোধী এখন কঠোৰ আইন ২০১৮ বৰ্ষত প্ৰণয়ন কৰা হয় যদিও বৰ্তমানেও সাধাৰণ মানুহৰ লগতে বহু প্ৰশাসনিক বিষয়াই এই আইন খনৰ সন্দৰ্ভত জ্ঞাত নহয়। একাংশ সামাজিক সংগঠন মানৱ অধিকাৰ

২ মে'ত ফলাফল ঘোষণাৰ পিছত বিজয় উৎসৱ, ৰেলী আদিত নিষেধাজ্ঞা

Image
নিউজ ডেস্ক : অহা ২ মেত অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালা, পণ্ডিচেৰীৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত কোনো ৰাজনৈতিক দলে উলিয়াব নোৱাৰিব ৰেলী, পালন কৰিব নোৱাৰিব বিজয় উৎসৱ। দেশৰ নিৰ্বাচন আয়োগে আজি এই নিৰ্দেশনা জাৰি কৰিছে।

ব্ৰেকিং ::: মৈৰাবাৰীৰ প্ৰথমগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল কোভিত

Image
মৈৰাবাৰীত  প্ৰথম জন কভিড ১৯ ত আক্ৰান্ত  হৈছে মৈৰাবাৰী বজাৰৰ ফ্ৰেন্টচ টেইলৰৰ সত্বাধিকাৰ  আব্দুল ৰেজাক(৬০)। আজি ৰাতিপুৱা  মৈৰাবাৰী FRU চিকিৎসালয়ৰ চিকিৎসকৰ সজাতি দলে মৈৰাবাৰী বজাৰৰ দোকানত কভিড টেষ্ট কৰোতে এজন দৰ্জীৰ দেহত দৰা পৰিছে কভিড পজিটিভ । জানিব পৰা অনুসৰি ব্যক্তি গৰাকী কভিড পজিটিভ হোৱাৰ কথা নিজে অৱগত নহয়  । এতিয়া লৈকে মৈৰাবাৰীত দৈনিক কভিট টেষ্ট কৰা হৈছে কিন্তু আজি প্ৰথম মৰিগাও জিলাৰ মৈৰাবাৰীত  কভিড পজিটিভ ৰোগী প্ৰথম গৰাকী দৰা পৰিছে ।  মৈৰাবাৰীত কভিডৰ ভয়াবহতাৰ সময়তে মৈৰাবাৰীত  দোকান পোহাৰত চেনিটাইজাৰ আৰু মাস্কৰ ব্যৱহাৰ কৰা দেখা পোৱা  নাযায় ৷ ইয়াক লৈ মৈৰাবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

মৰিগাৱত ৭১টা সন্দেজনক Container সহ দুজন ব্যৱসায়ী আটক

Image
মৰিগাৱত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়।* ৭১টা সন্দেজনক Container সহ দুজন ব্যৱসায়ী আটক। এজনৰ ঘৰ গুৱাহাটী পল্টন বজাৰত আৰু এজনৰ ঘৰ ৰঙীয়া,কমলপুৰত ।  মৈৰাবাৰীৰ পৰা মৰিগাৱগৈ যোৱা ৰাস্থাত মৰিগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক Gidartha dev Sarma বৰছলা আৰক্ষী চকীৰ  ভাৰপ্ৰাপ্ত বিষয়া Simanta Pathak কৰ এক গোপন সুত্ৰৰ ভিত্তিত মৈৰাবাৰী  বজাৰৰ পৰা মৰিগাওঁলৈ যোৱা ৰাস্থাপৰা এখন Eon বহনৰ।বাহনৰ নং AS-01-BA-7456লগতে ৭১টা Container সহ দুজনক লোকক আটক কৰিবলৈ সক্ষম হয়।*  আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ লগত  আৰু বহুকেইজন  জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰে আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে । *মৈৰাবাৰী পৰা নছিদুৰ ৰহমানৰ ৰিপোৰ্ট*।

বঙাইগাঁও জিলাত একেদিনাই ৪৯ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

Image
মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২৯১ জনলৈ বৃদ্ধি  বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ বঙাইগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত আজিৰ দিনটোতে পুনৰ নতুনকৈ ৪৯ জনকৈ ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৯১ জনলৈ বৃদ্ধি পালে ৷ আনহাতে আজিৰ দিনটোত জিলাখনৰ ১০ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ উল্লেখ্য যে জিলাখনত বৰ্তমান ক'ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাত ক'ভিড ভেকচিন লোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰ তথা বিভিন্ন ভেকচিনেচন কেন্দ্ৰত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে জিলাখনত যোৱা ১ মাৰ্চৰ পৰা সোমবাৰলৈ মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৩৮১ জন হৈছে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবক ৰটাৰী ক্লাবৰ পিপিই কিট প্ৰদান

Image
বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ ক'ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতো সংবাদ মাধ্যমৰ লগত জড়িত সংবাদকৰ্মীসকলে সাৱধানতা অৱলম্বন কৰি নিজৰ কৰ্তব্য পালন কৰি আহিছে ৷ এনে পৰিপ্ৰেক্ষিতত সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি আজি বঙাইগাঁও শাখা ৰটাৰী ক্লাবৰ তৰফৰ পৰা গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবক পিপিই কিট প্ৰদান কৰে ৷ ৰটাৰী ক্লাবৰ হৈ সভাপতি পাৰ্থ দাস গুপ্তই বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলৰ উপস্থিতিত ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাৰ হাতত পিপিই কিটসমূহ প্ৰদান কৰে ৷ বঙাইগাঁও ৰটাৰী ক্লাবৰ এই পদক্ষেপক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে শলাগ লোৱাৰ লগতে সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ ইপিনে ৰটাৰী ক্লাবৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে বঙাইগাঁও আৰু চিৰং জিলাৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় , মিছনাৰী হাস্পতালৰ লগতে বিধায়ক আদিকো পিপিই কিট প্ৰদান কৰিব ,যাতে তেওঁলোকে বিভিন্নজনক সহায় কৰিব পাৰে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও

চিৰাঙত প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

Image
আক্ৰান্তৰ সংখ্যা ১৬১ লৈ বৃদ্ধি বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ  ক'ৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত চিৰাং জিলাত প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।মৃত লোকজনৰ নাম জীৱন চন্দ্ৰ ঘোষ (৪৯) বুলি জানিব পৰা গৈছে ।চিৰাঙৰ বাসুগাঁও চহৰৰ তিনি নং ৱাৰ্ড তথা মেইন ৰোডৰ বাসিন্দা আৰু কৰ্মসূত্ৰে ঘড়ী মেকাৰ জীৱন চন্দ্ৰ ঘোষ দীৰ্ঘদিনৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভুগি আছিল ৷ ইয়াৰ মাজতে শুকুৰবাৰে জীৱন চন্দ্ৰ ঘোষৰ শাৰীৰিক অবস্থাৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰথমে তেওঁক  বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে যদিও পৰিয়ালৰ লোকে জীৱন চন্দ্ৰ ঘোষক কাজলগাঁৱৰ পৰিৱৰ্তে বঙাইগাওঁ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় । তাত ক'ভিড পৰীক্ষা কৰাত ফলাফল প'জিটিভ অহাৰ পিছত পুনৰ কাজলগাঁৱৰ চৰকাৰী জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে । তেতিয়া বাধ্যত পৰি পৰিয়ালৰ লোকে  পুনৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত লৈ যায় । কিন্তু তাত থকা চিকিৎসকসকলে ক'ভিড আক্ৰান্ত ৰোগীসকলৰ বিছনাৰ সংখ্যা কম থকাৰ কাৰণে ব

মৈৰাবাৰীত চক্ৰ আৰক্ষী পৰিদৰ্শকৰ অভিযানত হেলমেট আৰু মাক্ছ নথকা মটৰ চাইকেলৰ পৰা ফাইন সংগ্ৰহ

Image
নছিদুৰ ৰহমান,মৈৰাবাৰী,২৬: মৰিগাঁও জিলাৰ মৈৰাবাৰীত লাহৰীঘাট আৰক্ষী চক্ৰ পৰিদৰ্শক বিকাশ বৰুৱাৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে মৈৰাবাৰীৰ আলিপুখৰী চকত অভিযান চলাই কভিড প্ৰতীকল নমনা ব্যক্তিক চৰকাৰী নিৰ্দেশনা মতে শাস্তি প্ৰদান কৰে। ইফালে চাৰিচকীয়া আৰু দুচকীয়া বাহনত মাৰ্ক্স নথকা সকলক বিনামূলীয়াকৈ মাৰ্ক্স বিতৰণ কৰে চক্ৰ পৰিদৰ্শক গৰাকীয়ে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্যঃ নামনি অসমত ত্ৰাস সৃষ্টিকাৰী দুই চিলনী চোৰক গুৱাহাটীৰ পৰা আটক

Image
প্ৰতিবেদক, ৰঙিয়া ২৬ এপ্ৰিলঃ সমগ্ৰ ৰঙিয়া মহকুমা সহ নামনি অসমত ত্ৰাস সৃষ্টি কৰি  আৰক্ষীৰ নিদ্ৰা হৰণ কৰা ৰঙিয়াৰ দুই চিলনী চোৰক ৰঙিয়া আৰক্ষীয়ে গুৱাহাটী হাতীগাৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি এই দুৰ্ধৰ্ষ ডকাইত দুজনক ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি সোমবাৰে গুৱাহাটী হাতীগাঁৱৰ পৰা আটক কৰে । তেওঁ লোকৰ পৰা নডাল সোনৰ চেইন, বৃহৎ পৰিমাণৰ নগদ ধন, এ টি এম কাৰ্ড, মোবাইল ফোন আৰু এখন বিলাসী গাড়ী (নম্বৰ এ এছ ০১ এটি ১৪৪৯ )  উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন দুজনক ৰঙিয়া মলোখাতৰ চৰিফুল আলী ওৰফে টিকলা আৰু ৰঙিয়া চহৰৰ তৈয়াবুৰ ৰহমান ওৰফে পাকু বুুুুলি চিনাক্ত কৰা হৈছে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াা ৰতন দাসৰ নেতৃত্ববত যোৱা এদল আৰক্ষীয়ে তেওলোকক  আটক কৰাৰ ৰঙিয়ালৈ লৈ আনে ।   আৰক্ষীয়ে ধৃত দুয়োজনৰ স্বীকাৰোক্তিিৰ ভিত্তিত ইতিমধ্যে ৰঙিয়াৰ বিভিন্ন ঠাইত অভিযান আৰম্ভ কৰিছে । গুৰুত্বপুৰ্ণ বিষয়টো হল যে ধৃত টিকলা আৰু পাকুয়ে ইতিমধ্যে মহিলাৰ  ডিঙিৰ পৰা সোনৰ চেইন  কাঢ়ি নিয়াৰ পিচত অৰ্ধ শতাধিক মহিলাই ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ।  দুদিন পুৰ্বে এগৰাকী শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোনৰ চেইন কাঢ়ি

ৰঙিয়াত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা

Image
প্ৰতিবেদক, ৰঙিয়া, ২৬ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাটো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ । ৰঙিয়া অসামৰিক চিকিৎসালয়ত দৈনন্দিন কোভিড টেস্ট কৰি থকাৰ দৰে আজিও ৭১ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰা হৈছিল। ইয়াৰ মাজতে চেপ্তীৰ জয়ন্ত কুমাৰ শৰ্মা (৪৭),কৰবী দাস (৩০),নকুলৰ বিবুলৰ ৰহমান (৫২),বালিসত্ৰৰ পুলক শৰ্মা (১৬)আৰু সীতাৰাৰ মঞ্জু কলিতাৰ (৫৫) শৰীৰত ধৰা পৰিছে কোভিড ১৯ পজিটিভ।আক্ৰান্ত ৰোগী কেইগৰাকী পৰিয়ালৰ সহযোগত হোম আইছ’লেছনত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে ৰঙিয়া মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলোকে কোভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকীয়নি প্ৰদান কৰি কয়, যিসকলে মাস্ক পৰিধান নকৰিব তেওঁলোকক ১০০০ টকাকৈ জৰিমনা বিহা হব। ইতিমধ্যে ৰঙিয়া মহকুমা প্ৰশাসনে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা মাইকযোগে মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে কোভিড প্ৰট'কল মানি নচলিলে জৰিমনাৰ সন্মূখীন হব লাগিব বুলি ঘোষণা কৰা পৰিলক্ষিত হৈছে।  প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

অসমীয়া সাহিত্য জগতৰ বাবে এক সুখবৰ≈≈ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ "শম্ভুধন ফংল’ছা" ইংৰাজীলৈ অনুদিত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ এপ্ৰিলঃ নগঞা বিশিষ্ট সাহিত্যিক তথা ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ এসময়ৰ বেছ চৰ্চিত "শম্ভুধন ফংল’ছা" নামৰ উপন্যাসখনে স্থান লাভ কৰিছে গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তুলনাত্মক সাহিত্যৰ প্ৰবীণ গৱেষক, অধ্যাপক শৰৎ কুমাক জেনাৰ শেহতীয়া এখন গৱেষণাত্মক গ্ৰন্থত ৷ অধ্যাপক গৰাকীয়ে এই উপন্যাসখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি ইতিমধ্যে লেখকৰ অনুমতি গ্ৰহন কৰাৰ পিছত সেই কাম অতি শীঘ্ৰে সম্পাদন হ’ব বুলি জানিব পৰা গৈছে ৷ আনকি অধ্যাপক গৰাকীয়ে এই কথা ইতিমধ্যে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ জৰিয়তে ৰাজহুৱা কৰিছে ৷ স্মৰ্তব্য যে, "শম্ভুধন ফংল’ছা" নামৰ এই উপন্যাসখন প্ৰথম ১৯৮৬ চনৰ ‘অসম বাণী’ৰ ৰঙালী বিহুৰ বিশেষ সংখ্যাত প্ৰকাশ হৈছিল আৰু উপন্যাসখন সকলোৱে আদৰি লৈছিল ৷ অৱশ্যে গ্ৰন্থ আকাৰে উপন্যাসখন ২০০১ চনতহে প্ৰকাশ হৈছিল ৷ প্ৰকাশ হোৱাৰ পিছতে এই গ্ৰন্থখনৰ বাবে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি সভাপতি হৈ থকা সময়তে অৰ্থাৎ ২০০২ চনৰ বাবে অসম সাহিত্য সভাই সন্মানীয় ‘অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা’ ৰাজখোৱাক প্ৰদান কৰিছিল ৷ তদুপৰি ২

চৌদি আৰৱৰ পাঠ্যক্ৰমত সোমাব ৰামায়ন-মহাভাৰত, যোগ, আয়ুৰ্বেদ

Image
নিউজ ডেস্ক : ইছলামিক ৰাষ্ট্ৰ চৌডি আৰৱৰ পাঠ্যক্ৰমত সোমাব ৰামায়ন-মহাভাৰত। দেশখনৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিব বিচৰা হৈছে। ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ চৰকাৰে চৌডি আৰৱ ভিচন-২০৩০ অনুসৰি কেৱল ৰামায়ন-মহাভাৰতে নহয় ভাৰতীয় সংস্কৃতিৰ যোগ আৰু আয়ুৰ্বেদকো অন্তৰ্ভুক্ত কৰিব বুলি জানিব পৰা গৈছে। এখন কট্টৰ ইছলামপন্থী ৰাষ্ট্ৰই হিন্দু ধৰ্মীয় সংস্কৃতিক দেশখনৰ নৱপ্ৰজন্মক চিনাকী কৰাব খোজাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত "সামূহিক টিকাকৰণ অভিযান" কাৰ্যসূচী গ্ৰহণ

Image
গুৱাহাটী, ২৬ এপ্ৰিল, ২০২১: ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আজি পুৱা ৯ বজাত উলুবাৰীৰ DTRP Indoor ষ্টেডিয়ামত ৰাজ্যত হৈ থকা ক'ভিড-১৯ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে "সামূহিক টিকাকৰণ অভিযান" ৪৫ উৰ্দ্ধৰ, মহিলা সকলক টিকাকৰণৰ কৰাৰ  পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজি ৩০০ৰো অধিক মহিলা এই টিকাকৰণ অভিযান অংশগ্ৰহণ কৰে। ৰাজ্যিক, মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীযুতা অপৰাজিতা ভূঞা ডাঙৰীয়ানীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ "সেৱাই সংগঠন" মূলমন্ত্ৰক সৰোগত কৰি প্ৰদেশ মহিলা মৰ্চাই, কোভিড-১৯ মহামাৰীৰ এনে জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণক সহায় কৰিবলৈ  আগবাঢ়ি আহিছোঁ এয়া আমাৰ সকলোৰে কৰ্তব্য, জনকল্যাণৰ স্বাৰ্থত আগলৈও এনেধৰনৰ কাৰ্যসূচী সকলোৰে  সহযোগিতাত  কৰিবলৈ পালে সুখী হম বুলি সংবাদ মাধ্যমৰ আগত জনায়।

গুৱাহাটী প্ৰেছ ক্লাৱত তুলসীৰাম পাংগিঙৰ চিন্তা প্ৰৱাহ উন্মোচন

Image
কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তুলসীৰাম পাংগিঙৰ চিন্তা প্ৰৱাহ । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ সু-সাহিত্যক ময়ুৰ বৰা, অামাৰ অসম কাকতৰ দেওবৰীয়া পূৰ্বাচলৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা, দৈনিক অগ্ৰদূতৰ জ্যেষ্ঠ সাংবাদিক লেখক দীপক শৰ্মা আদি। এই অনুষ্ঠানতে এপি প্ৰডাকশ্যনৰ নিবেদনত জেহিৰুল হকৰ প্ৰযোজনথ বিকাশ বৰুৱাৰ সংগীত ব্যৱস্থাপনা,, অৰিন্দম প্ৰিন্স পাংগিঙৰ কথা সুৰ , কণ্ঠশিল্পী অৱনী কুমাৰ, এ প্ৰিন্স অাৰু সঞ্জীৱ চিৰামৰ বিহুসুৰীয়া গীত শ্ৰাব্যসফুঁৰা 'অসম দেশৰ বিহু২০২১' ৰো উন্মোচন কৰে অান্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰনিৰ্মাতা কবি লভিতা মৰাঙে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডা: জেচিম ৰাজা জনজাতি ছাত্ৰ সন্থা অাইটছাৰ উপসভাপতি দ্বীপেন দেউৰী, অভিনেতা ৰাজীৱ দলৈ, অসম লুতাদ কাকতৰ সম্পাদক অৰিন্দম প্ৰিন্স পাংগিং অাৰু বহু বিশিষ্ট গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে। নিউজ ডেস্ক, firstnewsreport

বজালী জিলা প্ৰশাসনে বন্ধ দিলে দুখন বিদ্যালয়

Image
সঞ্জীৱ দাস, বজালী, ২৬ এপ্ৰিলঃ ক'ভিড-১৯ ৰ আগ্ৰাসন  প্ৰতিৰোধ কৰিবলৈ  বজালী জিলা  প্ৰশাসনে  ব্যাপক তৎপৰতা অৱলম্বন কৰিছে সকলো ফালৰ পৰা।  ক'ভিড  সম্পৰ্কীয় নীতি-নিয়ম যাতে জনসাধাৰণে  পূৰ্ণ শতাংশই মানি  চলে  তাৰ ওপৰতো জিলা প্ৰশাসনে  চোকা নজৰ  ৰাখিছে। ইতিমধ্যে  জিলাখনৰ  দুখন উচ্চ  আৰু  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ  একাংশ  শিক্ষক ক'ৰোনাত আক্ৰান্ত হোৱাৰ  খবৰ  প্ৰশাসনৰ  দৃষ্টিগোচৰ হোৱাত  কেইদিনমান  পূৰ্বে  উক্ত  বিদ্যালয়  দুখন  এসপ্তাহৰ  বাবে  প্ৰশাসনে  বন্ধ  কৰি দিছিল যদিও পুনৰ  আজি  জিলাখনৰ দুখন বিদ্যালয়  জিলা  প্ৰশাসনে  এসপ্তাহৰ   বাবে  বন্ধ  ৰাখিবলৈ   নিৰ্দেশনা  জাৰি  কৰে । জিলা উপায়ুক্ত  মৃগেশ নাৰায়ন বৰুৱাই  ২৭ এপ্ৰিলৰ  পৰা ৩ মে'লৈ   বলবৎ  হোৱাকৈ  বন্ধৰ  নিৰ্দেশ  দিয়া  বিদ্যালয়  দুখন  হৈছে  প'টা মাজগাঁও  উচ্চ ইংৰাজী  বিদ্যালয়  আৰু  বৰভিঠা  দ'লৰ  পথাৰ  হাইমাদ্ৰাছা। উপায়ুক্তৰ  দ্বাৰা  প্ৰেৰিত নিৰ্দেশনাত   ক'ৰোনাত  আক্ৰান্ত শিক্ষকৰ  সংস্পৰ্শত অহা  শিক্ষক  শিক্ষয়িত্ৰী  আৰু  শিক্ষাৰ্থীক পৰীক্ষা  কৰিবলৈও  কোৱা  হৈছে। উল্লেখ্য, আজি  বন্ধৰ  নিৰ্দেশ দ

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল সাত লক্ষাধিক টকাৰ সম্পত্তি।

Image
,জামুগুৰিহাট,২৬এপ্ৰিল:জামুগুৰিহাটৰ মধুপুৰত আজি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় সাত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।মধ্য জামুগুৰি হাইস্কুলৰ নিচেই কাষতে থকা পাঞ্চজন্য আত্মসহায়ক গোটৰ গৃহত আজি দিনৰ ১০ মান বজাত হঠাৎ জুই লগাত হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত।জুইৰ লেলিহান শিখাই নিমিষতে আত্মসহায়ক গোটটোৰ ৫ টাকৈ কোঠালিযুক্ত গৃহটি আবৰি ধৰাৰ ফলত জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গৃহটি।গৃহটিৰ ভিতৰত থকা টিভি, পানীটোলা মেচিন,মটৰ,ফেন, মজুত কৰি ৰখা কৃষিজাত সামগ্ৰী-সজুলীকে ধৰি প্ৰায় সকলোবোৰ সম্পত্তি নিমিষতে ছাঁইত পৰিণত হয়।স্থানীয় ৰাইজে আৰক্ষীৰ লগতে আগ্নি নিৰ্বাপক বাহিনীক ততাতৈয়াকৈ অৱগত কৰোৱাত ঘটনাস্হলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইয়ে আত্ম সহায়ক গোটটোৰ সকলো সম্পত্তি গ্ৰাস কৰিবলৈ সক্ষম হয়। জানিব পৰা গৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত পাঞ্চজন্য আত্মসহায়ক গোটৰ প্ৰায় সাত লাখ সম্পত্তিৰ অনিষ্ট সাধন হয়।উল্লেখ যে অঞ্চলটোৰ কেইবাজনো শিক্ষিত নিবনুৱা যুৱকে এই আত্মসহায়ক গোটটোৰ জৰিয়তে কৃষি কৰ্মত মনোনিবেশ কৰাৰ লগতে  হাঁহ, কুকুৰা

বঙাইগাঁৱত সাংবাদিকৰ পত্নীৰ ডিঙিৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ

Image
বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ সোপাঢিলা স্থিতিৰ বাবে বৰ্তমান  চহৰখনত বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা ৷ চহৰ খনত প্ৰায় নিয়মিত ভাবে সংঘটিত হৈ আহিছে চুৰি , ডকাইতি , ধনলুট,  মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া আদি ঘটনা ৷ আজি পুৱাও  চহৰখনৰ নতুন পাৰাত দুৰ্বৃত্তই মহিলা এগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিবলৈ চেষ্টা চলোৱা ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি বঙাইগাঁৱৰ সাংবাদিক অভিদ্বীপ চৌধুৰীৰ পত্নী তথা শিক্ষয়িত্ৰী পাঞ্চালী দাসে আজি পুৱা প্ৰায় সাত বজাত নিজৰ পুত্ৰক লৈ প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাত মটৰ চাইকেল এখনত আহি থকা দুজনীয়া দুৰ্বৃত্তৰ দলে তেওঁৰ ডিঙিৰ সোণৰ চেইনডাল কাঢ়ি নিয়াৰ চেষ্টা চলায় ৷ অৱশ্যে দুৰ্বত্তৰ দলে চেইনডাল কাঢ়ি নিবলৈ সক্ষম নহ'ল ৷ এই ঘটনাত মহিলা গৰাকী ডিঙিত আঘাত পোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে চহৰ খনত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে এনেবোৰ অপৰাধ জনিত ঘটনা ৷ এই ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী চূড়ান্তৰূপে ব্যৰ্থ হৈছে ৷ দুদিনমান পূৰ্বেও পুৱাৰভাগত চহৰখনৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই চেইন কাঢ়ি নিবলৈ চেষ্টা চলাই বিফল হৈছিল ৷ সেইদৰে কিছুদিন পূৰ্বেও চহৰ খনৰ মা

বঙাইগাঁৱত ২৪ ঘণ্টীয়া বিনামূলীয়া অক্সিজেন সেৱা

Image
বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ ক'ৰোনাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ বাবে যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱত ছটফটাই ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে , তেনে সময়তে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই বিনামূলীয়াভাবে ২৪ ঘণ্টীয়া অক্সিজেন সেৱা মুকলি কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ অক্সিজেনৰ অভাৱত যাতে কোনো লোক মৃত্যুমুখত পৰিবলগীয়া নহয় এই উদ্দেশ্য আগত ৰাখিয়েই মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিছে এই সেৱা ৷  মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি সুৰজিত সিং ভাৰিয়ে জনোৱা মতে ক'ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ তেওঁ জনোৱা মতে কেৱল বঙাইগাঁও শাখাই নহয় মাৰোৱাৰী যুৱ মঞ্চৰ বিভিন্ন শাখাই আৰম্ভ কৰিছে বিনামূলীয়া ২৪ ঘণ্টীয়া অক্সিজেন সেৱা প্ৰদান কাৰ্য ৷ তেওঁ লগতে কয় যে মানুহৰ সেৱা কৰা আৰু মানুহৰ জীৱন ৰক্ষা কৰা এই মানৱধৰ্মী কৰ্ম কৰাই হৈছে মাৰোৱাৰী যুৱ মঞ্চৰ মূল উদ্দেশ্য ৷ সেয়ে বঙাইগাঁৱত কোনোবা ব্যক্তিৰ যদি জৰুৰী ভাবে অক্সিজেনৰ  প্ৰয়োজন হয় তেনেহলে ৯৪৩৫৩২৫১২৮ অথবা ৭০০১৬০১৭২ নম্বৰত যোগাযোগ কৰিব পাৰে ৷ প্ৰণৱ কুমাৰ ডেকা

বঙাইগাঁও জিলাত পুনৰ ৩৬ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

Image
মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২৫২ জনলৈ বৃদ্ধি  বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ভিড- ১৯ প'জিটিভ ৰোগীৰ সংখ্যা আজি ২৫২ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত আজি ৩৬ জনকৈ ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰে ৷ আজি জিলাখনত মুঠ ৭৭২ জন ব্যক্তিক ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ উল্লেখ্য যে আজিৰ দিনটোত জিলাখনত ১৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে ৷  প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও