ৰঙিয়াত অনিয়ন্ত্ৰিত ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যুঃ ৰঙিয়া স্টেচন পথ অৱৰোধ

প্ৰতিবেদক, ৰঙিয়া ২০ এপ্ৰিলঃ ৰঙিয়া স্টেচন পথৰ ইছলামপুৰ চকৰ ওচৰত আজি বিয়লিৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী লোকৰ থিতাতে মৃত্যু হয়, আহত হয় এগৰাকী মহিলা । প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ অনুসৰি এখন তীব্ৰ বেগী ডাম্পাৰে ( নং এ এছ ২৫ - চি চি ৩৪৯৪) পিছপিনৰ পৰা খুন্দা মৰাৰ ফলত স্কুটি আৰোহী পংকজ ভট্টৰ ( ৩৭) থিতাতে মৃত্যু হয়। আহত হয় তেওঁৰ গৰ্ভৱতী পত্নী দিপালী শৰ্মা । জানিব পৰা মতে ৰঙিয়া আলাকদিয়া গাওঁ নিবাসী  পংকজ ভট্টই তেওঁৰ পত্নীক এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই ঘৰলৈ গৈ থকা অৱস্থাত তীব্ৰ বেগী ডাম্পাৰখনে পিছপিনৰ পৰা স্কুটিখনক খুন্দা মৰাত পংকজ ভট্টই পথৰ ওপৰত ছিটিকি পৰি থিতাতে মৃত্যুক আকোৱালি লয়। ডাম্পাৰৰ খুন্দাত তেওঁৰ পত্নী দিপালী শৰ্মাইও আহত হয়। ৰঙিয়া বটাকুচি চকত এখন সৰু কাপোৰৰ দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰা ভট্টৰ এই 
শোকাৱহ মৃত্যুৰ ফলত তেওঁৰ পৰিয়ালৰ লোক সকল শোকত ভাগি পৰে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনক স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে।  দুুুৰ্ঘটনা সংঘটিত হোৱাৰ লগেে লগে স্থানীয় ৰাইজে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি উত্তেজিত হৈ পৰে। তেওঁলোকে  ৰঙিয়াা  স্টেচন পথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অকল সেয়াই নহয় কৰ্তব্যৰত আৰক্ষীৰ সমুখতে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি পৰিস্থিতি উত্তাল কৰি তোলে। স্থানীয় ৰাইজৰ অভিযোগ অনুুসৰি ৰঙিয়া চহৰত দিনটোৰ অধিকাংশ সময়ত আৰক্ষীৰ চকুৰ আগতে  ডাম্পাৰ আৰু  ট্ৰেক্টৰে অনিয়ন্ত্ৰিত ভাৱে তীব্ৰ বেগে চলাচল কৰাত  সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। বিশেষকৈ ৰঙিয়া স্টেচন পথৰ আবাসিক অঞ্চল সমূহেৰে প্ৰশাসনৰ নীতি নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি দিনটোৰ ২৪ ঘন্টাই ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাচল কৰাত সাধাৰণ ৰাইজ বিশেষকৈ কন কন লৰা ছোৱালীৰ জীৱনত ভাবুকি কঢ়িয়াই আনিছে তৎস্বত্তেও আৰক্ষীয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলি ৰাইজে অভিযোগ কৰে। পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাস, মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা, চক্ৰ বিষয়া চন্দন বৰগোহাঁইয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো লৈ অনাৰ বাবে চেষ্টা চলায় যদিও ৰাইজে বাঁধা প্ৰদান কৰে। অৱশেষত আৰক্ষীয়ে ডাম্পাৰ আৰু  ট্ৰেক্টৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মৃতদেহটো ৰঙিয়া থানালৈ লৈ আনে। উল্লেখ্য ৰঙিয়া চহৰৰ মাজেৰে চলাচল কৰা অধিকাংশ ডাম্পাৰ আৰু  ট্ৰেক্টৰৰ নম্বৰ প্লেট অবিহনে চলাচল কৰে বুলি ৰাইজৰ অভিযোগ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা