২ মে'ৰ পিছত ৰাজ্যত লকডাউন!

নিবেদিতা কাশ্যপ : অহা ২ মে'ত নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত ৰাজ্যত লকডাউন ঘোষণা হব নেকি? ৰাজ্যৰ সচেতন মহলত এই প্ৰশ্নই এতিয়া জোকাৰি আছে। কৰোণা সংক্ৰমণৰ ঘটনা চৰকাৰী হিচাপমতেই বৃদ্ধি হৈ থকাৰ সময়ত লকডাউনৰ প্ৰসংগটো প্ৰায়েই চৰ্চিত হৈ আছে। কাজেই প্ৰশ্নটো স্বাস্থ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো উত্থাপন কৰি আহিছে সংবাদ মাধ্যমে। উত্তৰত মন্ত্ৰীগৰাকীয়ে তেনে সম্ভাৱনা নাকচ কৰি আহিছে যদিও প্ৰায়েই কৈ আহিছে যে কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে অহা ২ মেৰ পিছত গঠন হবলগীয়া নতুন চৰকাৰখনেহে লব। লগতে লকডাউন দিবলগীয়া পৰিস্থিতি উদ্ভৱ নকৰাবলৈ ৰাইজকো আহ্বান জনাই আছে মন্ত্ৰীগৰাকীয়ে। তেনেস্থলত এই দুয়োটা কথাতে সচেতন মহলত চৰ্চা চলিছে যে যদিহে ২ মেৰ পিছত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ হয় তেন্তে ঘোষণা হব পাৰে নেকি লকডাউন। অৱশ্যে সেয়া সময়তহে জানিব পৰা যাব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা