কৃষ্ণাইত ৰেলৰ খুন্দাত নব্বৈ বছৰীয়া বৃদ্ধা নিহত

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱত আজি নিচেই পুৱা যাত্ৰীবাহী ৰেলৰ খুন্দাত এগৰাকী বৃদ্ধা নিহত হৈছে ৷ নিহত বৃদ্ধা গৰাকীৰ নাম কানন বালা হাজং ৷ জানিব পৰা মতে, ধাইগাওঁ শোলমাৰিৰ হাজং গাঁৱৰ নব্বৈ বছৰীয়া কানন বালা হাজঙে বিয়া খাবলৈ যোৱাৰ উদ্দেশ্যে আজি পুৱা প্ৰায়  ৬:৩০ বজা মানত ঘৰৰ পৰা ওলাই আহিছিল ৷ পিছে ধাইগাঁৱত ৰেল আলি পাৰ হ’ব ধৰোঁতেই বিপৰীত দিশৰ পৰা আহি থকা যাত্ৰী বাহী ৰেল এখনে বৃদ্ধা গৰাকীক খুন্দিয়ায় ৷ ইয়াৰ ফলত বৃদ্ধা গৰাকী ৰেল আলিৰ কাষৰ বননিত পৰি যায় আৰু ঘটনাস্থলীতে কানন বালা হাজঙে শেষ নিশ্বাস ত্যাগ কৰে ৷ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা