কোভিড-১৯ত ৰাজধানী দিল্লীত মৃত্যু অসমৰ সাংবাদিকৰ, গুৱাহাটী প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

গুৱাহাটী, ৩০ এপ্ৰিল: কাল কৰোনাই পুনৰ প্ৰাণ কাঢ়ি ললে অসমৰ এগৰাকী সাংবাদিকৰ। দিল্লীত টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাব। দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু এক অপুৰণীয় ক্ষতি। প্ৰয়াত সাংবাদিকগৰাকীৰ অকাল বিয়োগত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক- সন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা। এনে এক সংকটপূৰ্ণ সময়ত সদ্য প্ৰয়াত নিলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যান বৰুৱাও কোভিড-১৯ত আক্ৰান্ত হৈ গুৰুতভাৱে অসুস্থ। আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত কল্যান বৰুৱাৰ আশু- আৰোগ্য কামনা কৰিলোঁ। পৰিয়ালটোৰ এই কঠিন সময়ত সম্ভৱপৰ সকলো সহায় আগবঢ়াব বাবে সাজু গুৱাহাটী প্ৰেছ ক্লাব

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা