গীত-কবিতাৰে মুখৰিত সস্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা'

নছিদুৰ ৰহমান, মৈৰাবাৰী, ১০ এপ্ৰিলঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' আজি বিয়লি ২ বজাত মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ সাধাৰণ সম্পাদক, কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে 'বাটৰ কবিতা'ৰ যুটীয়া সমন্বয়ক তথা 'খাইৰ প্ৰকাশন'ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে। ইয়াৰ পাছতে কবিতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত আৰু কবিতা পাঠ কৰে ক্ৰমে বদৰুজ জামান আকতাৰ, জিন্নাতুল ইছলাম, এম. জবেদ, খাইৰুল ইছলাম, খালিদ মহম্মদ জাকাৰীয়া হুছেইন, ছানিদুল হক, মুহাম্মাদ আফজাল, আশ্ৰাফুল হক, প্ৰেমেশ্বৰ ঠাকুৰীয়া, আলিম উদ্দিন আৰু মতিউৰ ৰহমানে। কবি, সাংবাদিক বদৰুজ জামান আকতাৰে কাব্য জগতত বাটৰ কবিতাৰ সুদূৰপ্ৰসাৰী ভূমিকাৰ কথা দোহাৰি সামাজিক সমস্যা আৰু তাৰ প্ৰতিকাৰৰ ছবি প্ৰকাশ পোৱাকৈ কবিতা ৰচনা কৰিবলৈ নতুন কবিসকলক প্ৰেৰণা যোগায় | সঞ্চালক প্ৰেমেশ্বৰ ঠাকুৰীয়াই পঠিত গীত-কবিতাসমূহৰ নিৰ্মোহ পৰ্যালোচনা আগবঢ়াই কয় যে আমি সাহিত্য চৰ্চাৰ মাজেদি সমাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি তুলিব লাগিব | শেষত শলাগৰ শৰাই আগবঢ়ায় যুৱ কবি মুহাম্মাদ আফজালে। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।


মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা