কৃষ্ণাই লালাবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাঃভয়াৱহ বাৰিষাৰ কথা সুঁৱৰি সন্ত্ৰস্ত গাঁৱলীয়া জনসাধাৰণ

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ কৃষ্ণাই-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ ৷ কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা ভেলাখামাৰ হৈ লালাবৰি বজাৰ লৈকে বিস্তৃত এই গড়কাপ্তানি পথটোৰ দৈৰ্ঘ্য ৬'০৪০ কিঃমিঃ ৷ বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত ৰূপত থকা গড়কাপ্তানি পথটোত অৱশেষত চৰকাৰৰ সুদৃষ্টি পৰে বিগত ২০১৭ বৰ্ষত ৷ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত অতি ব্যস্ত এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০১৭ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷ পথটো নিৰ্মাণৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ৩,০৪,২৭৯১১'০০ টকা ৷ পথটো নিৰ্মাণৰ পিছত যুগ যুগ ধৰি যাতায়াত ক্ষেত্ৰত যমৰ যাতনা ভুগি থকা লালাবৰি,পেটকাটা,

পাখিৰীগুৰি,

গণকঘূলি, ভেলাখামাৰ,

গৰগৰীয়াবড়ী আদিকে ধৰি কেবাখনো গাঁৱৰ বাসিন্দাৰ ওঁঠত বিৰিঙি উঠিছিল প্ৰাপ্তিৰ হাঁহি ৷ যাতায়াত ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল সুদূৰ প্ৰসাৰী পৰিবৰ্তন ৷ পিছে , পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এবছৰ নৌহওঁতেই ২০২০ বৰ্ষৰ ২১ জুলাইত অহা প্ৰলয়ংকাৰী বানে চূৰ্ণ বিচূৰ্ণ কৰি দিলে নৱ নিৰ্মিত পথটো ৷ ভেলাখামাৰ পেটকাটাৰ মাজৰ প্ৰায় এক কিলোমিটাৰ পথৰ কেবাঠাইতো বানে উটুৱাই নিলে 

পেবাৰ ব্লকসহ কাৰ্লভাট ৷ পুণঃ বিধ্বস্ত হৈ পৰিল পথটো ৷ যাতায়াত হৈ পৰিল স্তব্ধ ৷ ৰাইজে অপেক্ষা কৰিবলৈ ল’লে নিশ্চয় পথটো পুণঃনিৰ্মান হ’ব ৷ যাতায়াতৰ উপযোগী হৈ উঠিব অতি ব্যস্ত পথটো ৷ পিছে এদিন দুদিনগৈ দহ মাহ পাৰ হ’ল ৷ পথটো কিন্তু মেৰামতি নহ’ল ৷ অঞ্চলবাসী ৰাইজে সেয়ে সমাগত বাৰিষাত পথটোৰে যাতায়াত বন্ধ হোৱাৰ আশংকাত আতংকিত হৈ উঠা পৰিলক্ষিত হৈছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা