মাণিকপুৰৰ বেছিমাৰীত সংঘৰ্ষত নিহত আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ দ্বীপেন সাউদ

ষ্টাফ ৰিপোৰ্টাৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নিহত হৈছে আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ দ্বীপেন সাউদ। বঙাইগাঁও আৰক্ষীৰ এক গোপন অভিযানত দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়। সংঘৰ্ষত দ্বীপেন সাউদৰ দেহৰক্ষী পদূম ৰায়ে আত্মসমৰ্পন কৰে।আৰক্ষীয়ে সংৰ্ঘষ স্থলীৰ পৰা দুটা পিষ্টলসহ, গ্ৰেণেড আৰু কিছু গুলী উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে।  উল্লেখ্য যে বৰপেটা জিলাৰ সৰভোগৰ দুৰামাৰিৰ গাঁৱৰ এসময়ৰ সময়ৰ সৰৱৰহী যুৱক দ্বীপেন সাউদে নব্বৈ দশকৰ প্ৰথমভাগতে আলফাত যোগদান কৰিছিল। শেহতীয়াকৈ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ হিচাপে সাংগঠনিক পদোন্নতি দিয়া হৈছিল। স্বাভাৱিকতে তেঁওৰ মৃত্যু নামনি অসমত আলফা স্বাধীনৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা