বজালী জিলা প্ৰশাসনে বন্ধ দিলে দুখন বিদ্যালয়

সঞ্জীৱ দাস, বজালী, ২৬ এপ্ৰিলঃ
ক'ভিড-১৯ ৰ আগ্ৰাসন  প্ৰতিৰোধ কৰিবলৈ  বজালী জিলা  প্ৰশাসনে  ব্যাপক তৎপৰতা অৱলম্বন কৰিছে সকলো ফালৰ পৰা।  ক'ভিড  সম্পৰ্কীয় নীতি-নিয়ম যাতে জনসাধাৰণে  পূৰ্ণ শতাংশই মানি  চলে  তাৰ ওপৰতো জিলা প্ৰশাসনে  চোকা নজৰ  ৰাখিছে। ইতিমধ্যে  জিলাখনৰ  দুখন উচ্চ  আৰু  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ  একাংশ  শিক্ষক ক'ৰোনাত আক্ৰান্ত হোৱাৰ  খবৰ  প্ৰশাসনৰ  দৃষ্টিগোচৰ হোৱাত  কেইদিনমান  পূৰ্বে  উক্ত  বিদ্যালয়  দুখন  এসপ্তাহৰ  বাবে  প্ৰশাসনে  বন্ধ  কৰি দিছিল যদিও পুনৰ  আজি  জিলাখনৰ দুখন বিদ্যালয়  জিলা  প্ৰশাসনে  এসপ্তাহৰ   বাবে  বন্ধ  ৰাখিবলৈ   নিৰ্দেশনা  জাৰি  কৰে । জিলা উপায়ুক্ত  মৃগেশ নাৰায়ন বৰুৱাই  ২৭ এপ্ৰিলৰ  পৰা ৩ মে'লৈ   বলবৎ  হোৱাকৈ  বন্ধৰ  নিৰ্দেশ  দিয়া  বিদ্যালয়  দুখন  হৈছে  প'টা মাজগাঁও  উচ্চ ইংৰাজী  বিদ্যালয়  আৰু  বৰভিঠা  দ'লৰ  পথাৰ  হাইমাদ্ৰাছা।
উপায়ুক্তৰ  দ্বাৰা  প্ৰেৰিত নিৰ্দেশনাত   ক'ৰোনাত  আক্ৰান্ত শিক্ষকৰ  সংস্পৰ্শত অহা  শিক্ষক  শিক্ষয়িত্ৰী  আৰু  শিক্ষাৰ্থীক পৰীক্ষা  কৰিবলৈও  কোৱা  হৈছে। উল্লেখ্য, আজি  বন্ধৰ  নিৰ্দেশ দিয়া  বিদ্যালয়  দুখনৰ  একাংশ  শিক্ষক  ক'ৰোনাত  আক্ৰান্ত  হোৱাৰ   খবৰ  জ্ঞাত  হোৱাৰ  পাছতে  উপায়ুক্তই  এই  ব্যৱস্থা  গ্ৰহণ  কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা