মৈৰাবাৰীত ৰহস্যজনক মৃত্যু এগৰাকী ন-বোৱাৰী
20বছৰীয়া কুলচুমা বেগম তিনিমাহ পূৰ্বে মৈৰাবাৰীৰ আশ্বাদুল ইছলাম নামৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷
☞ কুলচুমা বেগম আশ্বাদুল ইছলামৰ তৃতীয় পত্নী বুলি জানিব পৰা গৈছে ৷
☞ স্বামী আশ্বাদুলে ইয়াৰ পূৰ্বৰ আৰু দুই যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যদিও পূৰ্বৰ দুয়ো পত্নীৰ ঘৰ সংসাৰ ক্ষন্তেকীয়া আছিল৷
☞ আজি পুৱাৰ ভাগত স্বামী আশ্বাদুলৰ ঘৰত সংঘটিত হোৱা কুলচুমা বেগম নামৰ ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক একাংশই সহজভাৱে মানি লব পৰা নাই৷
☞মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে স্বামী আশ্বাদুলক আৰক্ষীৰ জিম্মালৈ আনে৷
☞ ইতিমধ্য মৃতদেহৰ মৰোণত্তৰ পৰীক্ষাৰ বাবে মৰিগাওলৈ প্ৰেৰণ কৰিছে ৷
☞সম্প্ৰতি আৰক্ষীয়ে মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ স্বামী আশ্বাদুল ইছলামক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷
মৈৰাবাৰী পৰা নছিদুৰ ৰহমান।
Comments
Post a Comment