নগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া কৰ্মশালাৰ সফল সামৰণি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ এপ্ৰিলঃ নগাঁও জিলাৰ ৰূপহীৰ শংকৰদেৱ বিদ্যা নিকেতন প্ৰাঙ্গনত শিশু শিক্ষা সমিতি, অসমৰ নগাঁও বিভাগৰ উদ্যোগত যোৱা ১০-১১ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ক্ৰীড়া কৰ্মশালাৰ সফলতাৰে সামৰণি পৰিছে। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া-শুনাৰ লগতে ক্ৰীড়া বিষয়টি সু-পৰিকল্পিতভাৱে আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত নগাঁও, মৰিগাঁও, হোজাই, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা প্ৰায় ৫০খন শংকৰদেৱ শিশু নিকেতনৰ ক্ৰীড়া বিষয়ৰ নিৰ্বাচিত আচাৰ্যসকলে অংশগ্ৰহণ কৰে।শংকৰদেৱ শিশু নিকেতনৰ নগাঁও বিভাগৰ ক্ৰীড়া প্ৰমুখ দীপ ভূঞাই জনোৱা মতে, শাৰীৰিক শিক্ষা নিৰ্দেশক তথা বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাৰ তত্ত্বাবধানত চিদানন্দ দিহিঙ্গীয়া, নলীন শৰ্মা, ৰূপক শইকীয়া, শৈলেন ভূঞা, সঞ্জীৱ দাস আৰু পাৰ্থপ্ৰতিম ভড়ালী প্ৰশিক্ষকৰূপে  থকা কৰ্মশালাত এথলেটিকছ, খো-খো, যোগাসন, কাবাদী, দবাকে ধৰি বিভিন্ন খেলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।যোৱা ১০ মাৰ্চৰ পুৱাৰ ভাগত এই কৰ্মশালা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া ঢিদানন্দ দিহিঙ্গীয়াই। উদ্বোধনী অনুষ্ঠানত শংকৰদেৱ শিশু নিকেতনৰ বিভাগ নিৰীক্ষক পৰাণ বৰা, সমাজকৰ্মী লোকেশ্বৰ শইকীয়া,জীৱন শইকীয়া আদি উপস্থিত থাকে।আনহাতে, নেলী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীপ ভূঞাই আঁত ধৰা কৰ্মশালাৰ  সামৰণিৰ আগে আগে কালি এক অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা, নগাঁও জিলা খো-খো সন্থাৰ উপ সভাপতি দিগন্ত ৰঞ্জন ৰাজা, আৰক্ষী বিভাগৰ পৰিদৰ্শক তথা সমাজ সংগঠক কুশ চন্দ্ৰ দেউৰী, তত্ত্বাবধায়ক প্ৰভাত চন্দ্ৰ বৰা আদি উপস্থিত থাকি ক্ৰীড়াৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য ৰাখে।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা