ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ অসমাপ্ত কাৰ্যনিৰ্বাহক সম্পন্ন

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ অসমাপ্ত কাৰ্যনিৰ্বাহক সম্পন্ন

ক্ৰীড়াৰ ক্ষেত্ৰত আমি হাত সাবতি বহি থাকিলে নহব —সাংসদ ভুৱনেশ্বৰ কলিতা

প্ৰতিবেদক, ৰঙিয়া, ৩০ এপ্ৰিলঃ দীৰ্ঘ বিৰতিৰ অন্তত আজি ৰঙিয়া গিৰিজানন্দ বিবাহ ভৱনত কোভিডৰ সম্পূৰ্ণ নীতি নিয়ম কঠোৰ ভাৱে পালন কৰি ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ পূৰ্বৰ স্থগিত কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়। ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক তিনি বছৰৰ বাবে সন্থাৰ নতুন কাৰ্য্যনিৰ্বাহক সভাখন গঠন কৰা হয়।  জিলা ক্ৰীড়া সন্থাৰ পূৰ্বৰ সভাপতি ভুবনেশ্বৰ কলিিতাই পদত্যাগ কৰাৰ পিছতে নতুনকৈ তিনিবছৰীয়া কাৰ্যকালৰ বাবে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ,, কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰা হয়। নতুুুন
কাৰ্যনিৰ্বাহক সভাৰ সভাপতি হিচাপে পুণৰ সাংসদ  ভুবনেশ্বৰ কলিতাক মনোনীত কৰা হয়। সন্থাৰ আন আন বিষয়ববীয়া সকল হ'ল 
উপ-সভাপতি- ডাঃ সঞ্চয় তালুকদাৰ, অমলেন্দ্ৰ শইকীয়া, প্ৰদীপ কাকতি, আব্দুল জব্বৰ, দিলীপ চৌধুৰী আৰু পংকজ লহকৰ, সাধাৰণ সম্পাদক- মুকুটানন্দ ভট্টাচার্য, সহ সাধাৰণ সম্পাদক- উৎপল ভূঞা আৰু তাৰিফুল ইছলাম, কোষাধ্যক্ষ- সমীন্দ্ৰ ডেকা, ফুটবল সম্পাদক- সুৰেন বড়ো, সহ ফুটবল সম্পাদক- কমলেশ্বৰ বড়ো, ক্ৰিকেট সম্পাদক- নয়নজ্যোতি দাস, ভলীবল সম্পাদক- ৰঞ্জিত ডেকা, এথলেটিকছ সম্পাদক- মন্টেশ্বৰ কলিতা, বেডমিণ্টন সম্পাদক- সমিন কলিতা,কাৰ্যনিৰ্বাহক সদস্য- মোহন মাধৱ বৰ্মন, ভূপেন দাস, পহৰেদ আলী আহমেদ, বিকাশ কলিতা, প্ৰভাত বসুমতাৰী, চফিকুল হাচান, শৈলেন্দ্র শইকীয়া আৰু প্ৰদীপ বড়ো। সভাত ভাষণ প্ৰসংগত নৱ নিৰ্বাচিত সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতাই কয় যে, 
ৰঙিয়াৰ  ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত আমি সদায় হাত সাবতি বহি থাকিব নোৱাৰো। ক্ৰীড়া সন্থাৰ খেলপথাৰখন আমি সংৰক্ষণ কৰিবই লাগিব। অকল সেয়াই নহয় খেল পথাৰৰ উত্তৰ দিশৰ বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ উপৰি বেদখল সমূহ উচ্ছেদ কৰি ইয়াক ৰক্ষা কৰিবই লাগিব ।ৰঙিয়াত  নতুন নতুন খেল পথাৰ উলিয়ালে ইয়াক নিৰ্মাণৰ দায়িত্ব তেওঁ গ্ৰহণ  কৰিব বুলি সাংসদ কলিতাই সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে। সাংসদৰ অনুদান পূঁজিৰে সেই খেলপথাৰ সমূহ উন্নতমানৰ কৰি গঢ়ি তুলিব পৰা যাব  বুলি তেওঁ  কয়। তেওঁৰ মতে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন সংৰক্ষণ কৰা, নতুন নতুন খেল পথাৰ উলিওৱা, ষ্টেডিয়াম নিৰ্মাণত গুৰুত্ব আৰু জল ক্ৰীড়াৰ ক্ষেত্ৰত ছুইমিং পুল নিৰ্মাণৰ দ্বায়িত্ব ৰঙিয়া জিলা ক্ৰীড়া সন্থাই গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ নৱ নিৰ্বাচিত বিষয়ববীয়া সকলৰ সহযোগিতা কামনা কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা