ৰমজানৰ কবিতা'ৰ অষ্টম বাৰ্ষিক সংখ্যাৰ শুভ উন্মোচন

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ খাইৰ প্ৰকাশনে প্ৰতি বছৰে পৱিত্ৰ ৰমজান মাহ উপলক্ষে ৰমজান মাহত প্ৰকাশ কৰা 'ৰমজানৰ কবিতা' নামৰ অসমীয়া কাব্য সংকলনৰ অষ্টম বাৰ্ষিক সংখ্যাটো আজি বিয়লি ২ বজাত মৈৰাবাৰী প্ৰেছ ক্লাৱত বিশিষ্ট শিক্ষাবিদ, কবি হানিফ উদ্দিন আহমেদৰ পৌৰোহিত্যত শুভ উন্মোচন হৈ যায়। কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজাল সম্পাদিত কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক মৌলানা আহছান উল্লাহ ইশ্বাআতি চাহাবে। তেওঁ ক্বুৰআন পাঠেৰে শুভাৰম্ভ কৰা উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে 'খাইৰ প্ৰকাশন'ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে। সভাত লেখক মৌলানা আহছান উল্লাহ ইশ্বাআতি চাহাবে পৱিত্ৰ ৰমজান মাহৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে ৰমজান মাহৰ বিভিন্ন বিষয় লৈ লিখা কবিতাসমূহৰ দ্বাৰা কবিসকলে সমাজৰ হিত সাধন কৰিছে আৰু পৰম কৰুণাময় আল্লাহৰ পৰা পুণ্য অৰ্জন কৰিছে। সভাত উপস্থিত থাকি কবি হানিফ উদ্দিন আহমেদ, বদৰুজ জামান আকতাৰ, খাইৰুল ইছলাম, মুহাম্মাদ আফজাল আৰু জেনীফা আকতাৰা আহমেদে নিজৰ নিজৰ ৰমজানৰ কবিতা পাঠ কৰাৰ লগতে অনুভৱী মত ব্যক্ত কৰে। 'ৰমজানৰ কবিতা'ৰ মুখ্য সম্পাদক খাইৰুল ইছলাম আৰু সম্পাদক মুহাম্মাদ আফজালে বছৰে বছৰে ৰমজান মাহত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে কবিতাৰে আগবঢ়াই অহা সক্ৰিয় সহযোগিতাৰ আন্তৰিক শলাগ  লয়।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা