নামঘোষা পাঠ, সংকীৰ্তন ছাত্ৰী মাস্ক বিতৰণৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ২০২১ বৰ্ষৰ পাঠদান আৰম্ভ

পঙ্কজ নাথ, চাংসাৰি , ১২ এপ্ৰিল :

উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ২০২১ বৰ্ষৰ পাঠদান আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।  পূৱা ৯ বজাত এই উদ্ধোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন আৰু স্বৰস্বতী বন্দনাৰে আৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক ৰূপক ডেকা আৰু সাংবাদিক তথা পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে । প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সঞ্চালনা কৰা সভাত সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে  জানিবলৈ দিয়ে যে নতুন শিক্ষাবৰ্ষৰ  আৰম্ভণিতে মাধৱদেৱ শিক্ষণ কেন্দ্ৰৰ জৰিয়তে 
 শংকৰদেৱ শিশু নিকেতন ,উত্তৰ গুৱাহাটীৰ পৰিচালনাত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ লগতে সংগীত, নৃত্য ,চিত্ৰকলা,ক্ৰিকেট, কাবাডী, ফুটবল, অভিনয় , যোগ আৰু সমৰ কলা ইত্যাদিৰ কোচিং কৰা হ'ব ।ইচ্ছুক  ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলক ৭০০২৪১২৭৫৯, ৬০০২২৮৬২০৮,৬০০২৫৭৭৮৪৫নম্বৰত  ছাত্ৰ ছাত্ৰীৰ নাম,শ্ৰেণী ,বিষয় আৰু মোবাইল নং  হোৱাইট ,এপ বা মেচেজ যোগে জনাব পাৰিব । সভাত পৰিচালনা সমিতিৰ সভাপতি মানস দাস, উপসভাপতি ড০ ঈশাংকুৰ শইকীয়া আৰু সাংবাদিক ৰূপক ডেকাই ছাত্ৰ ছাত্ৰী উদ্দেশ্য বক্তব্য ৰাখি আশিস  প্ৰদান কৰে। আজি নিকেতনত প্ৰথম বাৰৰ বাবে অহা অংকুৰ শ্ৰেণী লগতে মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱকসকলৰ মাজত কভিডৰ সজাগতা সৃষ্টি কৰাৰ বাবে গামোচাৰে মাস্ক বিতৰণ কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰবক্তা প্ৰতিমা বৰুৱা আৰু উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই ।
 ইয়াৰোপৰি সংগীত আচাৰ্যা মণিকা মুদৈৰ পৰিচালনাত মাংগলিক গীত পৰিবেশন কৰা হয় । আজিৰ অনুষ্ঠানৰ শেষত ইস্কন মন্দিৰৰ প্ৰভূ নৰেশ্বৰ দাসে সংকীৰ্ত্তন আৰু ভাগৱত গীতাৰ শ্লোক পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা