বঙাইগাঁৱত বিহুকে ধৰি বিভিন্ন অনুষ্ঠান উদযাপনৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

বঙাইগাঁৱত বিহুকে ধৰি বিভিন্ন অনুষ্ঠান উদযাপন
সমিতিৰ সৈকে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা 

ক'ভিড প্ৰ'টকল মানি চলিবলৈ নিৰ্দেশ 

মাস্ক পৰিধান নকৰিলে এহেজাৰ টকাৰ জৰিমনা 

নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব যি কোনো অনুষ্ঠান 

বঙাইগাঁওঃ ১৭ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যখনৰ লগতে বঙাইগাঁও জিলাতো উদযাপন কৰিবলৈ লোৱা বিহুকে ধৰি বিভিন্ন উৎসৱ -পাৰ্বন আদি অনুষ্ঠিত কৰাৰ বাবে জিলা দণ্ডাধীশৰ পৰা অনুমতি বিচৰা সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগত সাম্প্ৰতিক সময়ত পালন কৰিবলগীয়া ক'ভিড নিয়মাৱলীৰ বিভিন্ন নিৰ্দেশনা সম্পৰ্কে আজি বিয়লি ৫ বজাত বঙাইগাঁও আৱৰ্ত ভৱনত জিলা উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত উপায়ুক্তগৰাকীয়ে উৎসৱ উদযাপন সমিতিসমূহক উদ্দেশ্যি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মহামাৰী ৰোগ আইন ১৮৯৭ ৰ বিধিসমূহ বিস্তৃতভাৱে ডাঙি ধৰি কয় যে বিহুকে ধৰি প্ৰতিটো অনুষ্ঠান উদযাপন সমিতিয়ে ক'ভিড প্ৰ'টকলৰ বিধি অনুসৰি অনুষ্ঠান উপভোগ কৰিবলৈ অহা লোক সকলৰ বাবে  পৃথক প্ৰৱেশদ্বাৰ মজুত ৰাখিব লাগিব । প্ৰতিটো প্ৰৱেশ দ্বাৰত প্ৰয়োজনীয় স্বেচ্ছাসেৱক মজুত ৰখাৰ লগতে প্ৰবৱশ দ্বাৰত মাস্ক, ছেনিটাইজাৰৰ উপৰিও থাৰ্মেল স্কেনাৰ  মজুত ৰাখিব লাগিব । স্বেচ্ছাসেৱকসকলে অনুষ্ঠান উপভোগ কৰিবলৈ অহা সকলক থাৰ্মেল স্কেনাৰেৰে তাপমান চাই যদি  কাৰোবাৰ তাপ মাত্রা অধিক পায় তেতিয়া স্বেচ্ছাসেৱক সকলে তেওঁক ওচৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ দিব আৰু উক্ত স্থানত প্ৰৱেশৰ বাবে বাধা প্ৰদান কৰিব লাগিব। লগতে মাস্ক পৰিধান নকৰা লোকক অনুষ্ঠানত উপভোগ কৰিবলৈ প্ৰৱেশৰ ক্ষেত্রতো বাধা প্ৰদান কৰিব লাগিব । দৰ্শকৰ বাবে মজুত ৰখা আসনসমূহ ক'ভিড প্ৰ"টকল অনুসৰি সামাজিক দূৰত্ব অব্যাহত ৰাখি ব্যৱহাৰ কৰিব লাগিব আৰু অনুষ্ঠান আৰম্ভ হোৱাৰ আগত আৰু পিছত সেই অঞ্চল ছেনিটাইজেশ্যন কৰিব লাগিব । অনুষ্ঠান উদযাপন সমিতি আৰু স্বেচ্ছাসেৱক সকলে অনুষ্ঠান অনুষ্ঠিত কৰা তিনি দিন পূৰ্ব্বে ক'ভিড পৰীক্ষা কৰা বাধ্যতামূলক কৰি দিয়া হৈছে । আনহাতে উৎসৱ আয়োজন সমিতিয়ে ক'ভিড -১৯ নিদ্দেৰ্শনাৱলী অনুসৰি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে সেই স্থানত বেনাৰ বা পোষ্টাৰিং কৰিবলৈকো নিৰ্দেশ দিয়ে । সভাত এই কথাওঁ জনোৱা হয় যে মাস্ক পৰিধান নকৰা ব্যক্তি সকলক  জিলা আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ১০০০ টকাৰ জৰিমনা বিহা হ'ব। যিকোনো অনুষ্ঠান নিশা ১১ বজাৰ আগতে শেষ কৰাটো আয়োজকসকলে নিশ্চিত কৰিব লাগিব । সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত সকল , অতিৰিক্ত আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভিন্ন উৎসৱ আয়োজক সমিতিৰ সদস্য সকল উপস্থিত থাকে ।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা