বিশিষ্ট শিক্ষাবিদ শচীন্দ্ৰ নাথ শইকীয়াৰ জীৱনাৱসান
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ এপ্ৰিলঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া কুৰুৱাবাহী নিবাসী বিশিষ্ট শিক্ষাবিদ, সৰবৰহী ধৰ্মপ্ৰাণ ব্যক্তি শচীন্দ্ৰ নাথ শইকীয়াৰ শনিবাৰে পুৱা প্ৰায় ৬ বজাত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৬ বছৰ ৷ ইংৰাজী বিষয়ত অগাধ দখল থকা শইকীয়া ফুলগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আৰু সেই শিক্ষানুষ্ঠানখনৰ পৰাই ১৯৯৫ চনত অৱসৰ গ্ৰহন কৰিছিল ৷ সৰু-ডাঙৰ সকলোৰে লগত সহজে মিলিব পৰা অমায়িক, সৎ আৰু মৰমিয়াল স্বভাৱৰ শইকীয়া সকলোৰে মাজত "শশী ছাৰ" হিচাপে পৰিচিত আছিল ৷ কৰ্মস্থলী ফুলগুৰি হাইস্কুলৰ লগতে স্থানীয় অঞ্চলত এটি সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাই অহা শইকীয়াই অৱসৰ গ্ৰহনৰ পিছতো ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাবে ইংৰাজী বিষয়ত শিক্ষাদান কৰি আহিছিল ৷ স্থানীয় বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত হৈ থকা শইকীয়াৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ বিপৰীতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নীসহ দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, এগৰাকী কন্যা, জোৱাই, নাতি-নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷
=================
Comments
Post a Comment