চিৰাঙত প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

আক্ৰান্তৰ সংখ্যা ১৬১ লৈ বৃদ্ধি

বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ  ক'ৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছত চিৰাং জিলাত প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।মৃত লোকজনৰ নাম জীৱন চন্দ্ৰ ঘোষ (৪৯) বুলি জানিব পৰা গৈছে ।চিৰাঙৰ বাসুগাঁও চহৰৰ তিনি নং ৱাৰ্ড তথা মেইন ৰোডৰ বাসিন্দা আৰু কৰ্মসূত্ৰে ঘড়ী মেকাৰ জীৱন চন্দ্ৰ ঘোষ দীৰ্ঘদিনৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভুগি আছিল ৷ ইয়াৰ মাজতে শুকুৰবাৰে জীৱন চন্দ্ৰ ঘোষৰ শাৰীৰিক অবস্থাৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰথমে তেওঁক  বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে যদিও পৰিয়ালৰ লোকে জীৱন চন্দ্ৰ ঘোষক কাজলগাঁৱৰ পৰিৱৰ্তে বঙাইগাওঁ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় । তাত ক'ভিড পৰীক্ষা কৰাত ফলাফল প'জিটিভ অহাৰ পিছত পুনৰ কাজলগাঁৱৰ চৰকাৰী জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে । তেতিয়া বাধ্যত পৰি পৰিয়ালৰ লোকে  পুনৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত লৈ যায় । কিন্তু তাত থকা চিকিৎসকসকলে ক'ভিড আক্ৰান্ত ৰোগীসকলৰ বিছনাৰ সংখ্যা কম থকাৰ কাৰণে বিকল্প বিছনাৰ যো-জা কৰি থকাৰ সময়তে চিকিৎসকসকলক অৱগত নকৰাকৈ জীৱন চন্দ্ৰ ঘোষক চিকিৎসালয়ত ভৰ্তি নকৰাকৈ বাসুগাঁৱৰ নিজা ঘৰলৈ পৰিয়ালৰ লোকে লৈ আহে  । পিছত দেওবাৰে সন্ধিয়াৰ ভাগত  হোম কোৱাৰেণ্টাইনত  থকা জীৱন চন্দ্ৰ ঘোষৰ উশাহ নিশাহৰ সমস্যাই দেখা দিয়াত পৰিয়ালৰ লোকে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও অক্সিজেন নল সংযোগ কৰাৰ আগতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ইপিনে জিলা স্বাস্থ্য বিভাগে সদৰি কৰা মতে জিলাখনত আজিৰ দিনটোত নতুনকৈ ১৪ জন লোকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰিছে। ইয়াকে লৈ জিলা খনত কৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা ১৬১ গৰাকীলৈ বৃদ্ধি পালে।ইয়াৰ ভিতৰত বৰ্তমান ৮০ গৰাকী সক্ৰিয় ৰোগী আছে । ইয়াৰে ৩৬ গৰাকী ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪৪ গৰাকী হোম আইচ'লেশ্যনত আছে ৷ আনহাতে ৪ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ২৪ গৰাকী সুস্থ হোৱা ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা