বিসংগতিপূৰ্ণৰ পৰিৱৰ্তে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ আহ্বান অসম সত্ৰ মহাসভাৰ

গুৱাহাটী ৩০এপ্ৰিল:   অসম চুক্তিৰ তিনি দশক কাল অতিক্ৰম কৰাৰ পিছত প্রায় এটা দশক মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰধীনৰ অন্তত ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে ন্যায়ালয়ৰ তত্ত্বাৱধানত যাতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগতএখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সম্পূৰ্ণ কৰা হয়।
কেইবাবছৰো পঞ্জীয়নৰ কাম কৰাৰ অন্তত যোৱা ২০১৯ বর্ষত নাগৰিক পঞ্জীৰ তালিকাখন প্ৰস্তুত তথা প্ৰকাশ কৰা হয়। পৰ্যবেক্ষণ কৰি জনা যায় যে উক্ত প্ৰকাশিত তালিকাৰ প্ৰায় ৪০শতাংশই ভূল তথা প্ৰায় ৪০ শতাংশ বিদেশীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হল। আনহাতে হাজাৰৰ পৰা লাখৰ ভিতৰত বহু  ভাৰতীয় তথা অসমৰ খিলঞ্জীয়া লোকৰ নাম উক্ত নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰা নহল বা বাদ পৰি গল।  এই সন্দৰ্ভত বিভিন্ন সামাজিক সংগঠন বেচৰকাৰী সংগঠন আদিয়ে তীক্ষ্ণ সমালোচনা কৰি  সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে। 
অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া ঐতিহাসিক আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদানৰ ফলত অসম চুক্তি হয় । ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমে ভিত্তিবৰ্ষ হিচাপে লাভ কৰে ১৯৭১ বৰ্ষ ইয়াকো অসমৰ অধিক সংখ্যক লোকে মানি লোৱাৰ পিছতো ৪০ শতাংশ সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয়টো ৰাজহুৱা ভাবে অভিযোগ উত্থাপিত হোৱাৰ পিছত উক্ত নাগৰিক পঞ্জীখন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লোৱা অনুচিত। এনে অশুদ্ধ নাগৰিক পঞ্জী গ্ৰহণ কৰিলে ভাৰত বিৰোধী অৰ্থাৎ দেশদ্ৰোহী কাৰ্য্যকলাপ বুলি আখ্যা দিয়াৰ লগতে ভাৰতীয় তথা অসমীয়া খিলঞ্জীয়াৰ প্ৰতি তীব্র ভাবুকি স্বৰূপ হৈ পৰিব। আনহাতে বিশিষ্ট সমাজ কৰ্মী তথা অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই অসম পাব্লিক ৱকছ নামৰ সংগঠন টোৰ লুটি বাগৰমৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি কয় যে যি সংগঠনে বহুবাৰ প্ৰকাশিত নাগৰিক পঞ্জীখনত বহু ভুল ,অশুদ্ধ আৰু বিদেশীৰ নামেৰে ভৰি থকা বুলি কৈ আহি হঠাৎ সিদিনা কেনেকৈ তেঁওলোকে খিলঞ্জীয়া বিৰোধী কথা কলে ই এক অতিকে ৰহস্য ঘন বিষয় হিচাপে পৰিগণিত হৈছে। যিহেতু এই নাগৰিক পঞ্জীত বহু হাজাৰ খিলঞ্জীয়াৰ নাম বাদ পৰিছে বুলি মহন্তই খেদ প্ৰকাশ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা