নগাঁৱত পাঁচশৰ সীমা অতিক্ৰম≈≈ঘাঁহী বিহুচোৱাবৰত শিশুসহ এটা পৰিয়ালৰ ৫ জন কৰ’নাত আক্ৰান্ত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ এপ্ৰিল: নগাঁও জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ৷ আজি পুনৰ জিলাখনৰ ৭৮ লোকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত কৰা হয় ৷ বৰ্তমান জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫১৬ জনলৈ বৃদ্ধি পালে ৷ ইফালে, কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা জিলাখনৰ বেবেজীয়াৰ সমীপৰ ঘাঁহী বিহুচোৱাবৰত আজি পুনৰ ৮ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিত ধৰা পৰিছে ৷ ইয়াৰে এটি ৯ মহীয়া শিশুসহ ৫ গৰাকী লোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বে গাঁওখনৰ এটি বেণ্ড পাৰ্টিদলৰ কেইবাজনো সদস্য ক’ভিডত আক্ৰান্ত হোৱাত  বাৰপূজীয়া স্বাস্থ্যখণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডা° লক্ষীধৰ দাসৰ তত্বাবধানত আজি এম পি ডব্লিউ আৰু এ এন এমৰ এটা দলে গাঁওখনৰ ২৪৫ গৰাকীলোকৰ ৰেপিড এন্টিজেন পৰীক্ষা কৰাত উল্লেখিত ৮ জনৰ শৰীৰত কৰ’নাৰ উপস্থিত ধৰা পৰে ৷ ইফালে, ক’ভিডৰ ভয়াবহ সংক্ৰমনত দেশ বিপৰ্যস্ত হোৱাৰ সময়ত কিন্ত এতিয়াও নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত মানুহৰ মাজত ক’ভিড বিধিক লৈ বিশেষ সচেতনতা পৰিলক্ষিত হোৱা নাই ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা