নিজকে সাংবাদিক বুলি কৈ বিদ্যালয়ত অনধিকাৰ প্ৰৱেশ যুৱকৰ, আৰক্ষীক গোচৰ
মোক্তাব বিদ্যালয়ত নাভূত - নাশ্ৰুত ঘটনা : লুংগী পিন্ধি উদণ্ড যুৱকে বিদ্যালয়ত অনাধিকাৰে প্ৰবেশ কৰি পৰিচয় দিলে সাংবাদিকৰ : পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ সহায় বিচাৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গৰিয়া কাৱৈমাৰী বালক মোক্তাব বিদ্যালয়ত সোমবাৰে সংঘটিত হৈছে এক নাভূত - নাশ্ৰুত ঘটনা । অভিযোগ অনুসৰি, বিদ্যালয় চলি থকা সময়ছোৱাত মোজাম্মিল হক নামৰ এজন উদণ্ড যুৱকে অনাধিকাৰ ভাবে বিদ্যালয়ত প্ৰবেশ কৰি এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰি কাৰ্যালয়ৰ ভিতৰতে মবাইলত ফটো তোলে । লগে লগেই বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনে উদণ্ড যুৱক জনক কিয় ফটো তুলিছা বুলি প্ৰশ্ন কৰাত যুৱকজনে নিজকে সাংবাদিকৰ পৰিচয় দিয়ে । জানিব পৰা মতে, পিন্ধনত লুংগী আৰু হাফ টি-চাৰ্ট পৰিহিত যুৱক জনৰ কৰ্মকাণ্ডত বিবুদ্ধিত হৈ প্ৰধান শিক্ষক জনে সমগ্ৰ ঘটনা লিখিতভাৱে দগাঁও আৰক্ষী পহৰা চকীত অৱগত কৰে । আনকি যুৱক জনৰ এনে কাৰ্য্যত বিদ্যালয় পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি লিখিব বাবে অৱগত কৰে । মানুহ গঢ়াৰ পবিত্ৰ মন্দিৰ শিক্ষানুষ্ঠানত এনেদৰে অনাধিকাৰে প্ৰবেশ কৰি এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা উদণ্ড যুৱক মোজাম্মিল হকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে । আজি সংবাদ মাধ্যমৰ আগত উক্ত ঘটনাৰ উচিত তদন্ত কৰি উদণ্ড যুৱক মোজাম্মিল হকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাই।
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।
Comments
Post a Comment