বঙাইগাঁৱত ২৪ ঘণ্টীয়া বিনামূলীয়া অক্সিজেন সেৱা

বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ ক'ৰোনাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ বাবে যিটো সময়ত দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱত ছটফটাই ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছে , তেনে সময়তে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই বিনামূলীয়াভাবে ২৪ ঘণ্টীয়া অক্সিজেন সেৱা মুকলি কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ অক্সিজেনৰ অভাৱত যাতে কোনো লোক মৃত্যুমুখত পৰিবলগীয়া নহয় এই উদ্দেশ্য আগত ৰাখিয়েই মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিছে এই সেৱা ৷  মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি সুৰজিত সিং ভাৰিয়ে জনোৱা মতে ক'ৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ তেওঁ জনোৱা মতে কেৱল বঙাইগাঁও শাখাই নহয় মাৰোৱাৰী যুৱ মঞ্চৰ বিভিন্ন শাখাই আৰম্ভ কৰিছে বিনামূলীয়া ২৪ ঘণ্টীয়া অক্সিজেন সেৱা প্ৰদান কাৰ্য ৷ তেওঁ লগতে কয় যে মানুহৰ সেৱা কৰা আৰু মানুহৰ জীৱন ৰক্ষা কৰা এই মানৱধৰ্মী কৰ্ম কৰাই হৈছে মাৰোৱাৰী যুৱ মঞ্চৰ মূল উদ্দেশ্য ৷ সেয়ে বঙাইগাঁৱত কোনোবা ব্যক্তিৰ যদি জৰুৰী ভাবে অক্সিজেনৰ  প্ৰয়োজন হয় তেনেহলে ৯৪৩৫৩২৫১২৮ অথবা ৭০০১৬০১৭২ নম্বৰত যোগাযোগ কৰিব পাৰে ৷


প্ৰণৱ কুমাৰ ডেকা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা