সদৌ অসম কাবাদী সন্থাৰ বাৰ্ষিক সভা বাতিল

প্ৰতিবেদক, ৰঙিয়া ২৫ এপ্ৰিলঃ সদৌ অসম কাবাদী সন্থাৰ কাৰ্যনিৰ্বাহক সভা আৰু বাৰ্ষিক সাধাৰণ সভাখন কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে। এই সভাখন অহা ৩০ এপ্ৰিল শুক্ৰবাৰে গুৱাহাটী গোটানগৰৰ চেন্টাৰ পয়েন্ট হোটেলত দিনৰ ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাজ্যত কৰণাৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি পোৱাত পৰৱৰ্ত্তী ঘোষনা নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে বুলি সন্থাৰ সভাপতি সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক আবেদুৰ ৰহমানে এক বিবৃতিত জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা