ৰাজ্য চৰকাৰৰ কোভিডৰ নতুন SOP : কি কৰিব পাৰিব, কি নোৱাৰিব

ৰাজ্য চৰকাৰৰ কোভিডৰ নতুন SOP
=====================
আকৌ চৰকাৰ জাৰি কৰিব লগা পৰিস্থিতি হৈছে কোভিড প্ৰটকল। এই কোভিড প্ৰটকলত কি কি আছে এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন…

জনসমাগম সন্দৰ্ভতঃ
==============
    ১. জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা মানিহে সাংস্কৃতিক অনুষ্ঠান সমূহ অনুষ্ঠিত কৰিব পাৰিব। বিশেষকৈ মাস্ক, হাত চেনিটাজেশ্যন কৰাৰ লগতে ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতা মূলক। অনুষ্ঠান সমূহত ৫০ শতাংশ মানুহে সমাগম হ’ব পাৰিব। ইয়াৰ উচ্চসীমা ৪০০ জন বুলি ধৰা হ’ব।
       
    ২. যিকোনো সমাগমত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।

    ৩. বিবাহ অনুষ্ঠানকে আদি কৰি ব্যক্তিগত অনুষ্ঠান সমূহত সৰ্বাধিক ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব।

    ৪. মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্বত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।

    ৫. ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত কেৱল মাত্ৰ ২০ লোকহে উপস্থিত থাকিব পাৰিব।

  ৬.  চুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সকলো বাণিজ্যক ঠাইসমূহ সন্ধিয়া ৬ বজাত বন্ধ কৰাটো বাধ্যতামূলক।

কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী) সন্দৰ্ভতঃ

    ১. ভাৰ্চুৱেল আৰু গৃহৰ পৰাই কাম কৰিব পাৰিলে ভাল।

    ২. বিষয়া সকলকৰ বাহিৰে কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব।

    ৩. গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ সন্তান থকা মহিলা সমূহে কাৰ্যালয়ত অহাৰ বিপৰীতে গৃহৰ পৰাই কাম কৰিব পাৰিব।

    ৪. কৰ্মস্থলীত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। লগতে দুপৰীয়া আহাৰ গ্ৰহণৰ সময়তো সামাজিক দূৰত্ব মানি চলিব লাগিব।

    ৫. চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰত থাৰ্মেল স্কেনাৰ, হাত চেনিটাইজেশ্যন কৰা আদিৰ সুবিধা সমূহ উপলব্ধ থাকিব লাগিব।

    ৬. কাৰ্যালয় সমূহ সঘনাই চেনিটাইজেশ্যন কৰিব লাগিব।

শিক্ষানুষ্ঠান সন্দৰ্ভতঃ

    ১. চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুলে বিকল্প প্ৰদান কৰিব।

    ২. শিক্ষানুষ্ঠান সমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব।

    ৩. পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব।

    ৪. শিক্ষানুষ্ঠানত প্ৰাতঃসভা অনুষ্ঠিত কৰিব নোৱাৰিব।

    ৫. প্ৰাথমিক শ্ৰেণী সমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব।

    ৬. শিক্ষা বিভাগে কোৰোনাকালীন পৰিস্থিতি মাজৰে পাঠদান কৰা ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব।

যাতায়ত সন্দৰ্ভতঃ

    ১. ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত আসন সমূহত কোভিড বিধি মানিব লাগিব।

    ২. দূৰণীবটীয়া যাত্ৰীৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।

    ৩. অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকসহ দুজন যাত্ৰীহে থাকিব পাৰিব।

    ৪. চিটিবাছ আৰু আন্তঃজিলা বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব।

অন্যান্য ক্ষেত্ৰৰ সন্দৰ্ভতঃ

    ১. ৰাজহুৱা স্থান সমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

    ২. গ্ৰাহক সকলে দোকান সমূহত নিম্নতম ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব মানিব লাগিব। লগতে দোকান স্বত্বাধিকাৰীয়ে দোকানৰ সন্মূখত হাত চেনিটাইজেশ্যন কৰাৰ সু-ব্যৱস্থা ৰাখিব লাগিব।

    ৩. দোকানী আৰু গ্ৰাহক উভয়ে মাস্ক আৰু হাত মোজা পিন্ধিব লাগিব। এই ক্ষেত্ৰত দোকানৰ স্বত্বাধিকাৰীয়ে গুৰুত্ব দিব লাগিব।

    ৪. চেলুন, বিউটী পাৰ্লাৰ আদিত কঠোৰ ভাৱে নিয়ম পালন কৰিহে সেৱা আগবঢ়াব পাৰিব। মাস্ক, হাত মোজা পিন্ধাটো বাধ্যতামূলক।

    ৫. দৈনিক-সাপ্তাহিক বজাৰ, ঘৰুৱা সহায় ব্যৱস্থাৰ ক্ষেত্ৰত এ এছ ডি এম এ জাৰি কৰা পৰামৰ্শ সমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব।

আইনী ব্যৱস্থা সন্দৰ্ভতঃ

    ১. উপৰোক্ত নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ দণ্ডবিধি ১৮৮ৰ ভিত্তিত গ্ৰহণ কৰা হব শাস্তিমূলক ব্যৱস্থা।

২. মাস্ক পৰিধান নকৰা বা ৰাজহুৱা স্থান থু-পিক পেলোৱা কোনো ব্যক্তিক ১০০০টকা জৰিমনা বিহা হব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা