আন্তঃজিলা ছিনিয়ৰ মহিলা হকীৰ বিজয়ী নগাঁও দলৰ খেলুৱৈক অভিনন্দন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ এপ্ৰিলঃ নাহৰকটীয়াত সদ্যসমাপ্ত দশম সন্ধা সাহা সদৌ অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হকীত নগাঁও জিলা দলটোয়ে বিজয়ীহৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি দলটোৰ খেলুৱৈসকলক আৰু প্ৰশিক্ষক বিক্ৰমজিত পাল তথা মেনেজাৰ পংকজ শইকীয়াক নগাঁও ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা বিশেষভাৱে সমৰ্ধনা জনোৱা হয়। এই উপলক্ষে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁলোকক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উপহাৰৰ টোপোলা আগবঢ়োৱা হয়। সেই সভাত অসীম হকীৰ সম্পাদক তপন কুমাৰ দাস,নগাঁও ক্ৰীড়া সংস্থাৰ উপ সভাপতিদ্বয় জীৱন চূড়াণা,প্ৰশান্ত বৰা,সাধাৰণ সম্পাদক প্লাৱন বৰুৱা,যুটীয়া সম্পাদকদ্বয় প্ৰমোদ কোঠাৰী,অসীম কুমাৰ  ভাৱাল,সহকাৰী সম্পাদকদ্বয় সমীৰ হাজৰিকা,ৰিংকু দাস,হকী শাখাৰ সম্পাদক মোহন চন্দ্ৰ বৰা,ক্ৰীড়া সংগঠক নাচিৰউদ্দিন আহমেদ,কুমাৰ কমল কেওট,অমিতাভ বৰা,ৰাতুল আনছাৰী আদি উপস্থিত থাকে।মনকৰিবলগীয়া যে,নগাঁও ছিনিয়ৰ পুৰুষ হকী দলটোৱেও এইবাৰ মিছাত অনুষ্ঠিত দশম আব্দুল জব্বাৰ আন্তঃজিলা ছিনিয়ৰ হকীত ৰাৰ্ণাছআপ হৈছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা