বলীয়া বলীয়া" বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ তিনিজনকৈ উদিয়মান শিল্পী

 জামুগুৰিহাটৰ গেলা হাটিঙাস্থিত মাচান পাৰ্কৰ এক সেউজময় পৰিৱেশত খেৰি দুইতলীয়া গৃহৰ চৌহদত "বলীয়া বলীয়া" বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ গেলা হাটিঙাৰ তিনিজনকৈ উদিয়মান শিল্পী । তেওঁলোকৰ নিজা প্ৰচেষ্টাত এটি সুন্দৰ বিহু গীতৰ এলবামত নতুনকৈ কন্ঠদান কৰিছে গেলা হাটিঙাৰ উদিয়মান কন্ঠশিল্পী তথা কথা-সুৰ দিয়ে ডেনিয়েল কৰাড, সংগীত ব্যৱস্থাপনা বিপুল চৌধুৰী, ভিডিঅ'গ্ৰাফী বিশ্বজিৎ কলিতা, অভিনয় কৰিছে অনুৰাগ তচা আৰু প্ৰীতি তিৰ্কীয়ে । তেওঁলোকৰ নিজা প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে সমুহ অসমবাসী ৰাইজক ভিডিঅ'টি সম্পুৰ্ণ  চাবৰ বাবে Youtube ত  Daniel Korad  বুলি Search কৰিলে পাব বুলি তেওঁ অনুৰোধ জনায় । তেওঁলোকক বিশেষভাৱে অনুপ্ৰেৰণা যোগাই জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচা, উদিয়মান বিভিন্ন গীতৰ ৰচক পাপুমনি বৰা, নৰেণ পান তাঁতি, স্নেল চনা, আমোন তাঁতি, অনিল চাহু, প্ৰণৱ নাগ, চাহিদ খান, অনুজ ৰয়ৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তিয়ে । কৰুণা মহামাৰীৰ সময়ত ঘৰতে আৱদ্ধ থাকি তেওঁলোকৰ এনে মহান চিন্তাধাৰাক লৈ অঞ্চলবাসীয়ে বহু শলাগ লোৱাৰ লগতে উৎজ্জ্বল ভৱিষ্যত কামনা কৰে । তেওঁলোকৰ ইউ টিউব লিংক https://youtu.be/IpxFHuyorUk । 

জামুগুৰিহাটৰ পৰা : জোন বৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা