বঙাইগাঁও জিলাত একেদিনাই ৪৯ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২৯১ জনলৈ বৃদ্ধি 

বঙাইগাঁওঃ ২৬ এপ্ৰিলঃ বঙাইগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত আজিৰ দিনটোতে পুনৰ নতুনকৈ ৪৯ জনকৈ ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ  সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৯১ জনলৈ বৃদ্ধি পালে ৷ আনহাতে আজিৰ দিনটোত জিলাখনৰ ১০ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ উল্লেখ্য যে জিলাখনত বৰ্তমান ক'ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাত ক'ভিড ভেকচিন লোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰ তথা বিভিন্ন ভেকচিনেচন কেন্দ্ৰত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে জিলাখনত যোৱা ১ মাৰ্চৰ পৰা সোমবাৰলৈ মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৩৮১ জন হৈছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা