কপিলীৰ কৃতী শিক্ষক পূৰ্ণেশ্বৰ বৰাৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা;স্মৰণিকা উন্মোচন
জাজৰি,১২ এপ্ৰিল: মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনস্থ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান লুঙামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা আদৰ্শ শিক্ষকৰূপে বৃহত্তৰ চৰাইবাহী অঞ্চলত সমাদৃত পূৰ্ণেশ্বৰ বৰা ই যোৱা ৩১ মাৰ্চত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তদুপলক্ষে সোমবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজন কৰা হয় বৰাৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান।দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলী গগৈ ভুঞাই। ইয়াৰ পাছতে বিশিষ্ট সমাজকৰ্মী ভদ্ৰেশ্বৰ সেনাপতিৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত হয় য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষা বিষয়া বুলী গগৈ ভূঞাই কয়,"শ্ৰদ্ধাৰ পূৰ্ণেশ্বৰ বৰাই সুদীৰ্ঘ ২৫ টা বছৰ অতি পিছপৰা লুঙামুখ অঞ্চলত জ্ঞানৰ প্ৰদীপ জ্বলাই মানৱ সম্পদ সৃষ্টিত প্ৰভূত অৰিহণা আগবঢ়াইছে। যাৰ বাবে এই বিদায় ক্ষণত তেওঁক মৰম, শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাবলৈ অসংখ্য ৰাইজৰ সমাগম হৈছে। এজন শিক্ষকৰ বাবে ইয়াতকৈ প্ৰাপ্তি আৰু কি হ'ব পাৰে!" মুকলি সভাখনিত বিশিষ্ট অতিথিৰূপে ভাগ লৈ কপিলী খণ্ড শিক্ষা বিষয়া সমৰ বৰুৱা, সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়াদ্বয় ক্ৰমে লক্ষ্মীনন্দন শইকীয়া আৰু ৰাজেন গোস্বামীয়ে পূৰ্ণেশ্বৰ বৰাৰ শিক্ষকতা জীৱনৰ বৰ্ণিল পৰিক্ৰমা আলোকপাত কৰে। আনহাতে,সভাত কপিলী খণ্ড সমল কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল উপস্থিত থাকি পূৰ্ণেশ্বৰ বৰাৰ শিক্ষকতা জীৱনৰ বিভিন্ন দিশ অৱলোকন কৰি তেওঁৰ ত্যাগ আৰু সেৱা,মহানতাৰ কথা দোহাৰে।এই সভাতে শিক্ষক মিথুন কোঁৱৰৰ সম্পাদনাত পূৰ্ণেশ্বৰ বৰাৰ শিক্ষকতা জীৱন সন্দৰ্ভত এখনি স্মৰণিকা উন্মোচন কৰা হয়।আনহাতে,উক্ত সভাতে বিদ্যালয় পৰিচালনা সমিতি,শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে শৰাই,মানপত্ৰ,চেলেং, ধৰ্মগ্ৰন্থৰে বৰাক উষ্ম সম্বৰ্ধনা জনায়।একেদৰে কপিলী খণ্ড সমল কেন্দ্ৰৰ তৰফৰ পৰাও জাপি-মানপত্ৰ,গামোচা আৰু প্ৰশস্তি পত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে,শিক্ষক পূৰ্ণেশ্বৰ বৰাৰ বিদায় মূহূৰ্তত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলৰ ৰাইজ আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।
Comments
Post a Comment