বৰপেটা সত্ৰৰ বৰ্ষফল গণনা

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা

ৰাজ্যত বিজেপি চৰকাৰ হ'ব

সন্ত্ৰাসবাদ দমনত সফল হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পহিলা ব'হাগৰ দিনা প্ৰতিবছৰৰ এইদৰে এইবেলিও আজিৰ দিনটোত বৰ্ষফল ঘোষনা কৰে । ১৪২৮ ভাস্কৰাব্দৰ পৰম্পৰাগত "বৰ্ষফল গণনা" কৰি বৰপেটা সত্ৰৰ দৈব্যজ্ঞ জ্যোতিৰ্ষা নৱৰত্ন বিদ্যাভূষণ ত্ৰিদিপ দেৱ শৰ্মা দলৈ কয় : 

ৰাজ শাসনৰ অধিপতি গ্ৰহ মঙ্গলে মন্ত্ৰীত্বৰ ভাৰ লোৱাত ৰাজ্যত আগন্তুক চৰকাৰ বি জে পি হ'ব ৷

আনহাতে দেশৰ সন্ত্ৰাসবাদ নিৰ্মুল কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ ভাৱে সফল হ'ব আৰু সন্ত্ৰাসবাদ নিৰ্মূলকৰণত ভাৰতে পৃথিৱীৰ বহু দেশৰ প্ৰশংসা লাভ কৰিব । 

এইবাৰৰ বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট ৷ 

সেইবাবে আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয়  ৷ 

ৰাশিফলমতে পঞ্চমস্থানত, কেতু সপ্তমস্থানত শনি, অষ্টমস্থানত বৃহস্পতি, দশমস্থানত শুক্ৰ, ৰবি আৰু বুধ, একাদশ স্থানত মঙ্গল ৰাহুচক্ৰ অৱস্থান কৰাত বছৰটো ৰাজ্যখনৰ কাৰণে অনুকুল নহব ৷ 

সংক্ৰান্তি সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে ৷

শনি ৰজা আৰু মঙ্গল মন্ত্ৰী হোৱাত লগতে সপ্তমস্থানত শনি অৱস্থান কৰাত ৰাজ্যত বছৰটোত  বৃদ্ধি পাব পাৰে যান-বাহন, ৰে'ল, বিমান, দুৰ্ঘটনা, হত্যা, লুণ্ঠন, অগ্নি কাণ্ড, অপহৰণ, সন্ত্ৰাসবাদ মূলক কাৰ্য ৷ 

জীৱহানি, প্ৰাকৃতিক দুৰ্যোগ, সাধু, সৎ, সাধক আৰু ৰাজনৈতিক পৰিচালকৰ বাবে ঠগ আৰু ক্ষতি হোৱাৰ সম্ভবনা আছে বছৰটোত ৷

বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্তহত্যাৰ যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি সাধন কৰিব ৷ 

এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্ৰভূত ক্ষতিসাধন হ'ব ৷ 

প্ৰকৃতিক দুৰ্যোগৰ ফলত ধন জন সম্পত্তি ধ্বংস হোৱাৰো যোগ আছে ।

বৰ্ষফল অনুসৰি ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে ৷ 

আনহাতে কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলো ৰাজনৈতিক নেতাই সাৱধান হোৱাটো মঙ্গলজনক বুলি উল্লেখ কৰি ৰাজ শাসনৰ অধিপতি গ্ৰহ মঙ্গলে মন্ত্ৰীত্বৰ ভাৰ লোৱাত অসমত বি জে পি চৰকাৰ গঠন কৰিব বুলি  ভৱিষ্যদ্বাণী কৰে বৰপেটা সত্ৰৰ জ্যোতিষী ত্ৰিদিব শৰ্মাদলৈয়ে ৷

আনহাতে ভাৰত দেশৰ ৰাশি মকৰ ৷ 

ৰাশি চক্ৰ মতে বছৰটোৰ অধিকাংশ সময় ভাৰতৰ বাবে প্ৰতিকুল হ'ব  ৷ 

শনি জন্ম ৰাশিত অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব যদিও সন্ত্ৰাসবাদীয়ে মূৰ দাঙি উঠিব নোৱাৰিব ৷ 

বছৰটো নানা ধৰণৰ প্ৰতিকুল অৱস্থাৰ মাজেৰে অতিবাহিত হব ৷ 

ৰাজনৈতিক, সামাজিক, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক সংকট, আন্দোলন, সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত থাকিব যদিও গুৰু শুক্ৰৰ শুভ প্ৰভাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দক্ষতাৰে দেশ শাসন কৰিবলৈ সক্ষম হ'ব ৷ 

সন্ত্ৰাসবাদ নিৰ্মুল কৰণত ভাৰতে পৃথিৱীৰ ভালেমান দেশৰ পৰা প্ৰসংসা পোৱাৰ যোগ আছে ৷ 

ইপিনে দেশত বিখ্যাত সাহিত্যিক অথবা ৰাজনৈতিক নেতাৰ মৃত্যুৰ সম্ভাৱনা থকা বুলিও কয় জ্যোতিষী শৰ্মাদলৈয়ে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা