ৰঙিয়াত ভয়াবহ কোভিড সংক্ৰমণ, আক্ৰান্ত লোকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি

ৰঙিয়াত  ভয়াবহ কোভিড সংক্ৰমণঃ 

আক্ৰান্ত লোকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি  

প্ৰতিবেদক , ৰঙিয়া ২৫ এপ্ৰিলঃ ৰঙিয়াত অব্যাহত আছে কোভিডৰ সংক্ৰমণ।আজিৰ  দিনটোত  ৰঙিয়াত ৮ জনৰ  দেহত সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে। ইপিনে যোৱানিশা  ৰঙিয়া ৰেল স্টেচনৰ অস্থায়ী কোভিড পৰীক্ষা কেন্দ্রত বহিঃৰাজ্যৰ দুজনৰ শৰীৰত দেহত সংক্ৰমণ পোৱা গৈছে। ফলত আজিলৈ ৰঙিয়াত আক্ৰান্ত লোকৰ সংখ্যা  ১০৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২৪ গৰাকী লোকক পৰীক্ষা কৰাত ৬ জনৰ দেহত কৰ'নাৰ অৱস্থিতি ধৰা পৰিছে। আনহাতে  ৰঙিয়া ৰেল স্টেচনৰ অস্থায়ী কোভিড পৰীক্ষা কেন্দ্রত ৬৭ জনৰ নমুনা পৰীক্ষা কৰাত এজনৰ আৰু বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনৰ শৰীৰত সংক্ৰমণ ধৰা পৰে। ইপিনে সমগ্ৰ ৰাজ্যজুৰি কৰণাই বিভিষিকাৰ সৃষ্টি কৰাৰ পাছতো ৰঙিয়াৰ বজাৰ সমাৰত  বহু লোকে মাস্ক  ব্যৱহাৰ নকৰাকৈ টিঘিলঘিলাই ঘুৰি ফুৰা স্বত্তেও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰা বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে। ৰঙিয়া চহৰৰ উপৰিও ৰঙিয়া মিলৰোডৰ আবাসিক এলাকাত (ইণ্ডিয়া গেট)  থকা দৈনিক বজাৰত অধিকাংশ ক্ৰেতা আৰু বিক্ৰেতাই সামাজিক দূৰত্ব দূৰৰে কথা মাস্ক পৰিধান নকৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আৰক্ষী নাইবা প্ৰশাসনে কোনা ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে উদ্বেগ প্রকাশ কৰিছে। সচেতন ৰাইজে অবিলম্বে মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীক দাৱী জনাইছে। ইপিনে  বিভিন্ন অঞ্চলৰ লগতে ৰঙিয়াতো দ্ৰুত গতিত সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত   এক শ্ৰেণীৰ লোকৰ এই ধৰনৰ অসতৰ্কতাৰ  ফলত ৰঙিয়াত যিকোনো সময়ত গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ইপিনে ৰঙিয়া চহৰত সংক্ৰমণ ৰোধৰ বাবে মহকুমাধিপতি স্বপ্নীল পালৰ নেতৃত্বত ৰঙিয়া পৌৰসভাই চহৰৰ বিভিন্ন ব্যৱসায়ীক অঞ্চল ছেনিটাইজ কৰাৰ উপৰিও ৰাইজক কৰনাৰ নীতি নিয়ম কঠোৰ ভাৱে পালন কৰিবলৈ মাইক যোগে অনুৰোধ জনায়। বিশেষকৈ ঘৰৰ পৰা ওলালে মাস্ক পৰিধান কৰা, বজাৰ সমাৰত সামাজিক দূৰত্ব বজায় ৰখা, যতে ততে থু খেকাৰ নেপেলাবলৈ নিৰ্দেশ প্ৰদান কৰে। এই কাৰ্যসূচীত ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকা সহ অন্যান্য কৰ্মী সকল অংশগ্ৰহণ কৰে। ৰঙিয়া ইউক্লিড গ্ৰুপ অৱ ইনিষ্টিটিউশ্বনে উজ্জ্বল ডেকাৰ নেতৃত্বত ৰঙিয়া চহৰত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ৰাইজক সঠিক পদ্ধতিত মাস্ক পৰিধান কৰি ঘৰৰ বাহিৰলৈ ওলোৱাৰ বাবে অনুৰোধ জনায়। ইনস্টিটিউশ্বনৰ শিক্ষক সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ  কোভিড প্ৰতিষেধক কেন্দ্ৰত আজিও ৪৫ উৰ্ধৰ ২০০ গৰাকী লোকক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয়। কেন্দ্ৰটোত  প্ৰতিষেধক লোৱাৰ বাবে পুৱা ৫  বজাৰ পৰা ৰাইজে শাৰী পাতিব লগা হোৱাৰ 
পৰিপ্ৰেক্ষিতত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। কেন্দ্ৰটোত ৰাইজে প্ৰতিষেধক লোৱাৰ বাবে হেতা উপৰা লগোৱাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। অকল সেয়াই নহয় কোনোৱেও সামাজিক দূৰত্ব বজায় নৰখা, সঠিক পদ্ধতিত মাস্ক পৰিধান নকৰাত কেন্দ্ৰটোৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অবিলম্বে কেন্দ্ৰটোত আৰক্ষী মোতায়েন কৰি শৃংখলাবদ্ধভাৱে প্ৰতিষেধক গ্ৰহণৰ ব্যৱস্থা কৰাৰ উপৰিও ৰঙিয়াত কমেও আৰু দুটা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে প্ৰশাসনক অনুৰোধ জনাইছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা