কোন নাভালনি? নাভালনিৰ অসুস্থতাত আমেৰিকাৰ উদ্বেগ, কিহৰ ইংগিত!
দীপজ্যোতি ডেকা : ৰাছিয়াৰ জনপ্ৰিয় চৰকাৰবিৰোধী নেতা এলেক্সি নাভালনিৰ অসুস্থতাক লৈ ৰাছিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমেৰিকা। আমেৰিকাই স্পষ্ট কৰি দিছে যে নাভালনিৰ মৃত্যু হলে ৰাছিয়াই ভূগিব লাগিব পৰিণাম। আন্ত:ৰাষ্ট্ৰীয় কূটনীতিত এই বিষয়টোৱে ভিন্ন প্ৰশ্নৰ অৱতাৰনা কৰিছে। নাভালনি হৈছে ৰাছিয়াৰ এগৰাকী জনপ্ৰিয় চৰকাৰবিৰোধী নেতা। ভ্লাডিমিৰ পুটিন প্ৰশাসনৰ বাবে মূৰৰ কামোৰনি। যোৱা ফেব্ৰুৱাৰী মাহতে ধন আত্মসাতৰ এটি পুৰণি গোচৰত তেঁওক গ্ৰেপ্তাৰ কৰিছিল পুটিন প্ৰশাসনে। ইয়াৰ পিছতে ৪৪ বছৰীয়া নাভালনিয়ে কাৰাগাৰতে পিঠিৰ বিষ আৰু ভৰিৰ জঠৰতাত ভোগা বুলি উল্লেখ কৰি এইক্ষেত্ৰত কাৰাগাৰ কতৃপক্ষই চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ তোলে। বৰ্তমান নাভালনিৰ চিকিৎসক, পৰিয়াল, উকীল আদিয়ে উদ্বেগ প্ৰকাশ কৰিছে যে নাভালনিৰ মৃত্যু পৰ্যন্ত হব পাৰে। এই কথাই এতিয়া আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে। আমেৰিকাই স্পষ্ট কৰি দিছে যে যদিহে নাভালনিৰ মৃত্যু হয় তেন্তে ইয়াৰ পৰিণাম ভূগিব লাগিব ৰাছিয়াৰ পুটিন চৰকাৰে ।
এতিয়া প্ৰশ্ন হৈছে যে নাভালনিৰ প্ৰতি মাৰ্কিণ যুক্তৰাষ্ট্ৰৰ এই দৰদ কিয়? ৰাছিয়াৰ শাসকীয় পক্ষৰ একাংশ লোকে প্ৰায়েই অভিযোগ কৰে যে দেশখনৰ বিৰোধী শিৱিৰক মাৰ্কিণ যুক্তৰাষ্ট্ৰই পৰোক্ষভাৱে সহায় কৰে। এইক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থিতিয়ে এই অভিযোগক পৰোক্ষভাৱে সত্যত পৰিণত কৰিলে নেকি? আনপিনে নাভালনিক কেন্দ্ৰ কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চলা চৰ্চাৰে যোছেফ বাইদে চৰকাৰে একপ্ৰকাৰ ৰাছিয়াক চাপত পেলাব খুজিছে নেকি? এনে হেজাৰ প্ৰশ্নই এতিয়া আন্ত:ৰাষ্ট্ৰীয় সচেতন মহল বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।
Comments
Post a Comment