কৃষ্ণাই আঞ্চলিক ই-ৰিক্সা সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃবিহুৱানেৰে সম্বৰ্ধনা জনাল স্থানীয় সাংবাদিকক

আজি ব’হাগ মাহৰ প্ৰথম দিনটোতে গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক ই-ৰিক্সা সন্থাই হাতত ল’লে এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ মানুহ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি ই-ৰিক্সা সন্থাই আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনালে কৃষ্ণাইৰ স্থানীয় সাংবাদিক সকলক ৷ এই উপলক্ষে আজি দিনৰ ১১ বজাত কৃষ্ণাই বজাৰস্থিত দেৱৰাজ বেচৰকাৰী সংস্থাৰ কাৰ্যালয়ত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ৷ সংস্থাৰ কাৰ্যকৰী সভাপতি পৰিমল সাহাৰ সভাপতিত্বত আয়োজিত এই সভাত স্থানীয় সাংবাদিক সকলক একোখনকৈ বিহুৱানেৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে সন্থাৰ বিষয় ববীয়া বৰ্গই ৷ ই-ৰিক্সা সন্থাৰ এই অনুকৰণীয় পদক্ষেপক স্থানীয় সাংবাদিক সকলে ভূয়সী প্ৰশংসা কৰিছে ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা