বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱক ক’ভিড ভেকচিন প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ এপ্ৰিলঃ মহামাৰী কৰ’নাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশ তথা ৰাজ্যত এক জটিল পৰিস্থিতিৰ উদ্ভৱ ঘটোৱাৰ সময়তে চৰকাৰে ক’ভিড পৰীক্ষা আৰু ভেকচিন প্ৰদানত অধিক গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰে কৰ’নাৰ সংক্ৰমণ ৰোধৰ হেতু বিভিন্ন পদক্ষেপ গ্ৰহন কৰাৰ সমান্তৰালকৈ ৪৫ বছৰ উৰ্ধ্বৰ সকলো ব্যক্তিক ভেকচিন প্ৰদানৰ ব্যৱস্থা অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ সৰ্বত্ৰে এই ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অতি ক্ষীপ্ৰতাৰে চলি থকাৰ মাজতে শনিবাৰে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ লগতে ভকত-বৈষ্ণৱ, আইমাতৃসকলক ভেকচিন প্ৰদান কৰা হয় ৷ বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ উপস্থিতিত বটদ্ৰৱা থানৰ হাটীবহাৰ ভকত-বৈষ্ণৱ, সত্ৰাধিকাৰৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, দেবেন আতৈ, মনি আতৈ, নাম লগোৱা ডম্বৰুধৰ গায়ন, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সহকাৰী সম্পাদক লক্ষী বৰাকে প্ৰমুখ্য কৰি ভকত-বৈষ্ণৱ, আইমাতৃ সমন্বিতে শতাধিক লোকক স্বাৱ পৰীক্ষাৰ অন্তত ভেকচিন প্ৰদান কৰা হয়। থান চৌহদৰ সভাঘৰৰ সমীপৰ মুকলি গৃহত ক’ভিড প্ৰট’কল মানি নিয়াৰিকৈ শাৰী পাতি এই ভেকচিন গ্ৰহণ কৰে সকলো ভকত-বৈষ্ণৱ আৰু থান পৰিচালনা সমিতিৰ বিষয়-ববীয়াই ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা